পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
শিক্ষা-দানৰ প্ৰণালী

দেখা যায় কিবা নে কিবা প্ৰকাৰে প্ৰায় নতুন কথাক পুৰণা অভিজ্ঞতাৰ লগত মিল খুৱাব পাৰি। যত নোৱাৰি, তত বুজিব লাগিব যে তোমাৰ, ছাত্ৰই এতিয়া যিমানখিনি জ্ঞান পাইছে, তাৰ সহায়ত এই নতুন কথা শিকোৱা অসম্ভৱ।

 এটা উদাহৰণ কোৱা হক। (ক+খ) = ক+২কখ +খ। এই কথা বীজগণিতৰ যোগ-বিয়োগ-পূৰণ-জানা ছাত্ৰৰপক্ষেও নতুন; আৰু তৃতীয় মানত পঢ়া অমিশ্ৰ-যোগ বিয়োগ-পূৰণ-জানা-ছাত্ৰৰ পক্ষেও নতুন। প্ৰথম বিধ ছাত্ৰক তাৰ পুৰণা অভিজ্ঞতাৰ সহায়ত এই সংকেতটো শিকোৱা সমূলি টান নহয়; কিন্তু যিমানেই পৰিশ্ৰম নকৰা দ্বিতীয় বিধ ছাত্ৰক এই কথা শিকাব নোৱাৰা। শিকাব খুজিলে, আগেয়ে তাহাঁতক বীজগণিতৰ যোগ-বিয়োগ-পুৰণলৈ শিকাৰ লাগিব। ঘূৰি আমি আগৰ কথাকে পাওঁ—আমি যিহক গ্ৰহণ কৰিব পাৰোঁ। সি আমাৰ পূৰ্ব অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে, শিক্ষা-দানৰ সময়ত পূৰ্ব জ্ঞানলৈ মন দিবা। তেতিয়াহে নতুন জ্ঞান শিকাব পাৰিবা।

 ১০। আমি পূৰ্বে পাই আহিছোঁ যে মনোযোগ নবহিলে কোনো বিষয়েই আমাৰ অন্তৰত প্ৰৱেশ কৰিব নোৱাৰে। মনোযোগ আকৰ্ষণ কৰাইন্দ্ৰিয়- মন; মনে যেতিয়া যি ইন্দ্ৰিয়ত কাম কৰে, বা যি বিষয়ৰ