আৰু চতুৰ্থ, প্ৰত্যক বস্তু বা বিষয় সম্বন্ধীয় জ্ঞান আমাৰ নিজ নিজ অভিজ্ঞতাৰ লগত বিশেষ এক সম্পৰ্কত যোগ হৈ থাকে। এই সম্পৰ্ক মানুহে পতি ভিন্ ভিন্।
৯। ওপৰৰ এই চাৰিটা কথাৰপৰা শিক্ষাদান প্ৰণালী সম্বন্ধে লাগতিয়াল উপদেশ পাব পাৰি। আমি কোনো এটা বিষয় সহজতে শিকিব পুৰণিক নতুন,আৰু নতুনক পুৰণি কৰা পাৰা বা নোৱাৰা কথা প্ৰথমতে বিষয়ৰ চিত্তাকৰ্ষণী শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। এই শক্তিটো কি?
দেখা যায় যে যেতিয়া মন কোনো গধুৰ কথাত লিপ্ত নাথাকে তেতিয়া উজ্জ্বল উৎকট ডাঙৰ ভীষণ— এনেবিলাক কথাই মন আকৰ্ষণ কৰিব পাৰে। এই বিলাক অসাধাৰণ। মৰুভূমিৰ মাজৰ অকণ মানি ফুল এটাও মন আকৰ্ষণ কৰিবলৈ সক্ষম। কিন্ত ফুলনিৰ ফুলৰ থুলত অনেক সুন্দৰ সুন্দৰ ফুলো চকুত নপৰে। চাৰিওফালৰ অৱস্থা চাই যিটি অসাধাৰণ, যিহত অলপ নতুনত্ব আছে, সেহে মন আকৰ্ষণ কৰিব পাৰে।
ইয়াৰে পৰা শিক্ষা-দানৰ নিয়ম পোৱা যায়— 'পুৰণিক নতুন কৰা'। গৰু বা ছাগল, কাগজ বা কলৰ সম্বন্ধে পাঠ এটা সাধাৰণ ভাৱে দিবলৈ চেষ্টা কৰা; কোনো ছাত্ৰই মন নিদিয়ে। গৰুৰ চাৰিখন ভৰি এখান মুখ— কলমেৰে চিয়াহি তুলি কাকতত লিখা হয়— এনেবিলাক কথা ইমান