পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
শিক্ষা-বিচাৰ

  মোৰ সমুখত যিবোৰ বস্তু আছে, সেই আটাইকেইটাৰ ভিতৰত ৰঙীন কাপোৰখানেই বেচি উজ্জল। চুণ-কাম-কৰা বগা বেৰা, বা ধূসৰবৰ্ণৰ কিতাপৰ দাম, বা লুকাই থাকা কাঠৰ ৰেক— ইত্যাদিবোৰ বস্তুৰ চাকচিক্য ৰঙীন কাপোৰৰ তুলনাত অতি কম। মোৰ সমুখত যিবোৰ বস্তু আছে তাৰ মাজত ৰঙীন কাপোৰ ডোখৰৰে মোৰ মন আকৰ্ষণ কৰিব পাৰা শক্তি বেছি। গতিকে মনে ইবিলাক বৰ উত্তেজনাক বন্ধ কৰি থৈ ৰঙীন কপোৰৰ উত্তেজনাক ভিতৰ সোমাবলৈ বাট দিলে। বিষয়ৰ এই চিত্তাকৰ্ষণী শক্তি বেছি হলে স্বভাৱতে সি সহজতে ইন্দ্ৰিয়-গ্ৰাহ্য হয়। যেন, কোনো অৰ্থশালী লোকৰ দুৱাৰীএ মূল্ল্যৱান পোছাক পিন্ধা লোকক সহজতে বাট এৰি দিয়ে, কিন্তু হীন কাপোৰ লোৱা লোকৰ মুখৰ ওপৰতে দুৱাৰ বন্ধ কৰি থয়।

 

  ৬। যি বস্তু উজ্জল, নতুন, জীৱন্তু সেই বস্তুৰ আকৰ্ষণী শক্তি বেছি। স্বাভাৱতে এইবোৰ বস্তুৰ মনোযোগ প্ৰতি মনোযোগ বহে। চকমকীয়া কাপোৰ-পিন্ধা লোকমাত্ৰই ভাল মানুহ নহয়, আৰু মলি-পৰা কপোৰৰ মাজতো উজ্জল আত্মা লুকাই থাকে। এই কথা বুজিব পৰা দুৱৰীএ সজ-অসজ চাই হে দুৱাৰ খুলি দিয়ে বা বন্ধ কৰে। মনেও, ঠিক এই দৰে, স্বাভাৱিক চিত্তাকৰ্ষণী