আছিল, সেইবোৰক জাগ্ৰত কৰি তুলিলে। তেতিয়া এই নতুন অনুভৱ আৰু পুৰণি ধাৰণাৰ কত মিল-অমিল তাক বিচাৰ কৰি চালোঁ। তাৰ ফলত মোৰ জ্ঞান হল যে মোৰ আগত থাকা বস্তু-খন এখান ৰঙীন কাপোৰ।
এই দৰে বাহিৰৰ বস্তু বিষয়ত মোৰ বোধ জন্মিল। দৰ্শন- ইন্দ্ৰিয়ৰ বিষয়ত যেনে ধৰণে ক্ৰিয়া চলে, আন আন ইন্দ্ৰিয়ৰ সম্পৰ্কেও তেনে।
৫। এতিয়া এই প্ৰণালীটোৰ সম্বন্ধে কেইবাটাও কথা মন কৰিব লগীয়া ওলাইছে। প্ৰথমতে, বিষয়ৰ চিন্তাকৰ্ষণী শক্তি মোৰ সমুখত অকল ৰঙীন কাপোৰখান হে থাকা নাই। কিমান কিতাপ, কলম, ঘৰৰ বেৰা, কিতাপ থোৱা ৰেক— ইত্যাদি হৰেক ৰকম বস্তু আছে। তেনেহলে অকল ৰঙীন কাপোৰখান হে দেখিলোঁ। কিয়? ইবিলাক বস্তুৰপৰা উত্তেজনা আহি মোৰ চক্ষুৰিন্দ্ৰিয়ত আঘাত কৰা নাছিল নে?
প্ৰকৃততে, ইবিলাক বস্তুৰ উত্তেজনাই আহিও মোৰ চক্ষুঃ বস্ত্ৰত আঘাত কৰিছিল। কিন্তু ইন্দ্ৰিয়-দুৱাৰৰ দ্বাৰী মন। মনে ইবিলাক উত্তেজনাক মোৰ মস্তিষ্কলৈ যাব নিদিলে; দিলে মাথোন ৰঙীন কাপোৰৰ উত্তেজনাক। কিয়, বিচাৰ কৰা বাৰু।