শক্তি-বিশিষ্ট অলাগতিয়াল বিষয়ৰপৰা পোৱা উত্তেজনালৈ আওকাণ কৰি, লাগতিয়াল কিন্তু তেৰে শক্তি-সম্পন্ন-নোহোৱা বিষয়ৰ গ্ৰহণৰ নিমিত্তে ইন্দ্ৰিয়ৰ দ্বাৰ মুকলি কৰি দিব পাৰে। মই মোৰ আৱশ্যক অনুসৰি নানাপ্ৰকাৰ বিৰক্তিকৰ অৱস্থালৈ আওকাণ কৰি সূক্ষ্ম বিষয় মনোযোগ দিব পাৰোঁ। বৈজ্ঞানিক সকলে অনেক বস্তুৰ নতুন নতুন তত্ত্ব উদ্ঘাটন কৰে; সেইবোৰ বস্তুৰ যিবিলাক গুণে সাধাৰণ লোকৰ মনোযোগ আকৰ্ষণ কৰে, তেওঁলোকে সেইবোৰলৈ ভ্ৰূক্ষেপো নকৰি তেওঁলোকৰ আৱশ্যকীয় গুণত মনোযোগ দিয়ে। জবৰৰ দামত সোণৰ এটা খুটাৰা হৰাল; জাবৰৰ নানা প্ৰকাৰ আৰু পৰিমাণলৈ মন নিদি অকণমানি সোণত মন দি হে সোণ বিচাৰিব পাৰি।
ওপৰৰ এই কথাৰপৰা জ্ঞানাৰ্জনৰ সম্পৰ্কে আমি দুটা সিদ্ধান্ত পালোঁ। প্ৰথম কোন বিষয় আমাৰ মনে গ্ৰহণ কৰিব বা নকৰিব, এই কথা নিৰ্ভৰ কৰে সেই বিষয়ৰ স্বাভাৱিক চিত্তাকৰ্ষণী-শক্তিৰ ওপৰত। কিন্তু দ্বিতীয়, মনোৰোগৰ সহায়েৰে স্বাভাৱিক-চিত্তাকৰ্ষণী-শক্তি-সম্পন্ন বিষয়লৈ আওকাণ কৰি আমাৰ ইচ্ছা-অনুযায়ী আন বিষয়কো গ্ৰহণ কৰিব পাৰোঁহঁক।
জ্ঞানাৰ্জনত মনোযোগৰ একান্ত আৱশ্যক; সেই মনোযোগ বিষয়ৰ স্বাভাৱিক শক্তিয়ে টানি আনক বা আমি নিজে জোৰ