পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
শিক্ষা-বিচাৰ

বুজিব পাৰি যে স্নায়ুমণ্ডল যিমানে বলী আৰু সুস্থ হয়, মানসিক ক্ৰিয়াও সেই পৰিমাণে শক্তিশালী হয়। সুস্থ দেহৰ স্নায়ুমণ্ডলো স্বাস্থ্যৱান। এইবাৰে কোৱা আছে, ‘সুস্থ দেহ সবল মন’। অপৰ পক্ষত, মনৰ ধল যথেষ্ট থাকিলে সৰু- সুৰা অসুখ-বিসুখে শৰীৰটোকে পাৰি লব নোৱাৰে।

 

  ৪। শৰীৰ আৰু মনৰ সম্বন্ধৰ বিষয়ে এই চুম্বক বৰ্ণনাৰ পৰা জ্ঞানাৰ্জনৰ স্বাভাৱিক প্ৰণালী সম্পৰ্কে মুঠ কথাকেইটা বুজিব পাৰি। জ্ঞানাৰ্জনৰ প্ৰাৰম্ভিক প্ৰণালী ধৰা, মই মোৰ সমুখত ৰঙীন এখন কাপোৰ দেখিছোঁ। এই দেখা, কিবা সৰু সৰু ক্ৰিয়া গোট খাই হৈছে নে ই সৰল এটা ক্ৰিয়া?

  কাপোৰখনৰপৰা উত্তেজনা আহি মোৰ চক্ষুৰিন্দ্ৰিয়ত আঘাত কৰিলে। তেতিয়া সেই ইন্দ্ৰিয়ত থকা জ্ঞান-বাহী সূত্ৰই নি সেই উত্তেজনা বোৰ মস্তিষ্কত উপনীত কৰিলে। ইয়াৰ ফলত মোৰ অনুভৱ হল যে মই কি এটা দেখিছোঁ; কিন্তু কি দেখিছোঁ, কৰপৰা এই উত্তেজনা আহিছে, নাজানো। খন্তেকতে ধৰিব পাৰিলোঁ, এই অনুভৱৰ গুৰি এটা বস্তু আৰু সি মোৰ সমুখত আছে; এতিয়াও কিন্তু কি বস্তু আৰু তাক চিনিব পাৰা নাই। মোৰ মনত যি অস্পষ্ট অনুভৱটো হল, সি মোৰ মনত ৰং আৰু কাপোৰৰ বিষয়ে যি ধাৰণাবোৰ সুপ্ত হৈ