পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
শিক্ষা-দানৰ প্ৰণালী

(আৰু বিশেষ মন নিদিয়া হলে এই কথাটো মনতে নপৰিল হয়)— সেই বিলাকৰ কেন্দ্ৰ মজ্জাত। অৰ্থাৎ মজ্জাৰপৰাই সেইবিলাক কামৰ কাৰণে আৱশ্যকীয় শক্তিৰ উদ্ভৱ হয়। অভ্যাস মূলক কামবোৰৰ কেন্দ্ৰ ক্ষুদ্ৰ মস্তিষ্কত। যেনে, এই প্ৰৱন্ধ লিখিবৰ সময়ত যি আখৰ লিখন ক্ৰিয়া, সেই ক্ৰিয়া আদিত মোৰ পক্ষে বৰ টান আছিল; এভিয়া অভ্যাস কৰোঁতে কৰোঁতে আখৰ লিখা কথাটো মোৰ পক্ষে বৰ উজু হৈ পৰিছে। এই কামৰ বাৰে মোৰ বৃহৎ বা আচল মস্তিষ্কই একো কাম কৰিব নালাগে; এই বিলাক কামৰ কাৰণে আৱশ্যকীয় শক্তি ক্ষুদ্ৰ মস্তিষ্কতে উদ্ভৱ হয়। চিন্তা কৰি যিবোৰ কাম কৰিব লাগে— যেনে, এই প্ৰবন্ধত কি লিখিম কি নিলিখিম ইত্যাদি ঠিক কৰা— সেইবোৰৰ কেন্দ্ৰ হে প্ৰকৃত মস্তিষ্কত।

  এনে সুকৌশলেৰে স্নায়ুমণ্ডল নিৰ্মিত হোৱাৰ হেতুকে, দেহ-যাত্ৰা-নিৰ্বাহৰ অৰ্থে সাধাৰণতে আৱশ্যকীয় কামবোৰৰ কাৰণে আমাৰ মস্তিষ্কৰ কোনো পৰিশ্ৰম নহয়; মজ্জা আৰু ক্ষুদ্ৰ মস্তিষ্কৰপৰাই সেইবোৰ কাম হব পাৰে। সেই দেখি উচ্চ চিন্তা আৰু নতুন কৌশল উদ্ভাৱন কৰা আদি কামৰ কাৰণে আমাৰ মস্তিষ্কই সম্পূৰ্ণ আজৰি পায়। এই দৰে ক্ৰমে ক্ৰমে মানৱ-জাতিৰ উন্নতি হয়।

  মনৰ ক্ৰিয়া স্নায়ুমণ্ডলৰ লগে লগে হোৱাৰপৰা সহজতে