পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হল। এই বিৰোধৰ মীমাংসা কৰিলে, সম্পূৰ্ণকৈ নহলেও বহুত পৰিমাণে, ইতালি-দেশৰ শিক্ষয়িত্ৰী মন্টিছৰীএ। [১]

 ডাক্তাৰ মণ্টিছৰী এতিয়াও জীয়াই আছে। এওঁ আগ ডোখৰত চিকিৎসাশাস্ত্ৰ আৰু শৰীৰতত্ত্ব অধ্যয়ন কৰিছিল; আৰু অনেক দিন কলা-বেঙা-নিৰ্বোধ প্ৰভৃতি শিশুৰ আশ্ৰম এখনৰ অধ্যক্ষ আছিল। এওঁ বহুদিনৰ পৰ্য্যবেক্ষণ পৰীক্ষণ আৰু অধ্যয়নৰ ফল স্বৰূপে শিশু শিক্ষাৰ অৰ্থে কিছুমান যন্ত্ৰৰ উদ্ভাৱন কৰিলে। এই যন্ত্ৰবোৰৰ বিশেষত্ব এই যে তাক শিশুএ নিজে ব্যৱহাৰ কৰিব পৰে আৰু ভুল হলে নিজে ধৰিব পাৰে। এই যন্ত্ৰবোৰৰ সহায়ত শিশুএ ধেমালিৰ ছলতে দশ- ইন্দ্ৰিয়ৰ উৎকৰ্ষ সাধন কৰিব পাৰে, আৰু জানিব লগীয়া অনেক কথা শিকিব পাৰে।

 মণ্টিছৰীৰ শিক্ষা-পদ্ধতিৰ নতুনত্ব এই যে ছলিএ যেতিয়া ইচ্ছা তেতিয়া যন্ত্ৰবোৰৰ ব্যৱহাৰ কৰে, যেতিয়া ইচ্ছা নাই তেতিয়া দৌৰা-দৌৰি কৰে বা আন ধেমালি কৰে বা শোৱে। আৰু মণ্টিছৰীৰ স্কুলত শ্ৰেণী নাই—প্ৰত্যেক ছলি যিমানখিনি শিখিছে তিমানখিনিৰ পৰা নিজৰ কাম কৰিবলৈ আৰম্ভ কৰে। শ্ৰেণী পাতি শিক্ষা দিলে শিশুৰ ব্যক্তিত্বৰ বিকাশত বাধা জন্মে;--------

  1. সম্প্ৰতি মিচ্ পাৰ্থাষ্ট নামেৰে ইংলেণ্ডৰ শিক্ষয়িত্ৰী এগৰাকীও ডাঙৰ ছাত্ৰৰ স্কুলতো এই অসুবিধা গুচাবলৈ নতুন এটা প্ৰণালী উলিয়াইছে। এই প্ৰণালীৰ দৰে 'ডেল্টন প্লেন' (Dalton Plan).