আৰু বুদ্ধিত কমবোৰ পিছ পৰি থাকে, বুদ্ধিত প্ৰখৰবোৰেও আগ বাঢ়িব নোৱাৰে—সকলোএ মজামাজি ধৰণৰ এবিধ শিশুৰ দৰে হৈ পৰে। মণ্টিছৰী স্কুলত এই অসুবিধা নাই। মণ্টিছৰীৰ মতে, শিশুএ নিজে নিজে হে শিকে; শিক্ষকৰ কাম শিক্ষা দিয়া নহয়, শিশুক শিক্ষা-কামত সহায় কৰা হে। এই কথাকে মনত ৰাখিবলৈ তেওঁ শিক্ষক বা শিক্ষয়িত্ৰীক পৰিচালক বা পৰিচালিকা হে বোলে।
ফ্লোৰেল বা মণ্টিছৰীৰ উদ্ভাৱিত যন্ত্ৰৰ সহায়ত হে যে শিশু-শিক্ষা দিব পাৰি, আন একাৰে নোৱাৰি, এই কথা হব নোৱাৰে। মূল তথ্য কেইটা বুজি লই যি-সেই বস্তুৰ সহায়ত বা যি সেই প্ৰণালীত শিক্ষা দিলে নিশ্চয় দোষ নঘটে। কিন্তু প্ৰত্যেক শিক্ষকৰ পক্ষে ফ্লোৰেলৰ পৰ্য্যবেক্ষণ-শক্তি আৰু অতীন্দ্ৰিয় জ্ঞান বা মণ্টিছৰীৰ গভীৰ গবেষণা আৰু সহানুভূতি লাভ কৰা সম্ভৱপৰ নহয়।
১২। সেই দেখি শিক্ষক হব, খুজিলে এইসকল মহা মহা পণ্ডিতৰ মত আৰু তেওঁলোকে শিক্ষাব্যৱহাৰ কৰা যন্ত্ৰ পাতি আলোচনা নকৰিলে নহয়। আমাৰ দেশৰ বাবে কিণ্ডাৰ-গাৰ্টেন বা মণ্টিছৰীৰ সকলোবিলাক সজুলি উপযোগী নহয়, আৰু উপযোগী হলেও সেইবিলাক, বিশেষ-কৈ মণ্টিছৰীৰ যন্ত্ৰ-