মূল বুলি ললে; আৰু বহুত ভাবি চিন্তি আঁতি গুৰি লগাই তেওঁ শিশু-শিক্ষাৰ কাৰণে কিছুমান সজুলি, কিছুমান খেল, কিছুমান গীত আৰু কেইটামান কাজ উদ্ভাৱন কৰিলে। এইবিলাক সাজ-সৰঞ্জামৰ ভিতৰত তেওঁৰ নিজা দাৰ্শনিক মতৰো এটা গূঢ় ব্যাখ্যা সুমাই থলে-এই মতৰ আলোচনৰ ই ঠাই নয় আৰু ইয়াত আৱশ্যকো নকৰে। এই সজুলি, গীত আদি নিয়মিত ৰূপে ব্যৱহাৰ কৰাই কিণ্ডাৰ-গাৰ্টেন-শিক্ষা।
ফ্ৰোবেল ঊনবিংশ শতিকাৰ আদি ভাগৰ লোক। ক্ৰমে মনোবিজ্ঞান আৰু শৰীৰ-বিজ্ঞানৰ জ্ঞান বহল হল; ফ্ৰোৱেলে অনেক পৰিমাণে অতীন্দ্ৰিয় গানৰ সহায়েৰে শিশু- প্ৰকৃতিৰ যি আভাস মাত্ৰ দিছিল, অনেক নিঃস্বাৰ্থ জ্ঞান-যোগীৰ সাধনাৰ ফলত সেই জ্ঞানৰ পৰিসৰ ৰাঢ়িল। তেতিয়া পণ্ডিত সকলে বুজিব পাৰিলে যে শিশুৰ বিকাশত যিমান পৰিমাণে স্বাধীনতা দিব পাৰি তিমান ভাল। আৰু প্ৰত্যেক শিশুৰ নিজত্ব যিমান পৰিমাণে ৰক্ষা কৰি শিকাব পাৰি তিমান মঙ্গল-জনক।
কিন্তু শিক্ষা অৰ্থই স্বেচ্ছা-চাৰিতাত বাধা-দান, অন্ততঃ কিছু পৰিমাণে। আৰু প্ৰত্যেকৰ ব্যক্তিত্ব ৰক্ষা কৰিবলৈ হলে, শ্ৰেণী পাতি একেলগে শিক্ষাদান কৰাও অসম্ভৱ। ইয়াতে শিশু-প্ৰকৃতিৰ লগত শিক্ষা-প্ৰণালীৰ এটা বিৰোধ উপস্থিত