অন্যায়। এই জ্ঞানৰপৰা শিক্ষা-প্ৰণালী সম্বন্ধেও আমি অনেক কথাৰ মীমাংসা কৰিব পাৰোঁ। গুটি-কাঠি ব্যৱহাৰ কৰি শিক্ষা দিয়া প্ৰণালীটোত অনেক লোকে খুঁট ধৰে। কিন্তু শৈশৱত চিন্তা তেনেই বস্তুগত হৈ থাকে; সেই দেখি বস্তুৰ সহায় লৈ হে ভাৱবোধক বিষয়— যেনে সংখ্যা জ্ঞান, বৰ্ণ জ্ঞান ইত্যাদি— শিকাব পাৰি। আকৌ, কেচুৱা বা শৈশৱত শাৰীৰিক আৰু মানসিক বৃত্তি কোমল আৰু কৌতুহল চঞ্চল হৈ থাকে। এই সময়ত একে কথাকে ছাত্ৰক বহু সমলৈ শিকাব নোৱাৰি; আৰু তাঁহাতক অনেক ক্ষণ স্কুলতো বান্ধি ৰাখা উচিত নহয়, নহলে শাৰীৰিক আৰু মানসিক স্বাস্থ্য উভয়ে ভগ্ন হব। শৈশৱত উজ্জ্বল চকমকীয়া বস্তুত কৌতুহল থাকে; বাল্যত সাধুকথা শুনিবলৈ ভাল পায়;— ইত্যাদি বিলাক কথাৰ সহায় লৈ অনেক লাগতিয়াল কথা ছাত্ৰক আনন্দজনক কৰি শিকাব পৰি।
শিশু প্ৰকৃতিৰ আৰু কেইটামান প্ৰধান লক্ষণলৈ মন কৰিব লগীয়া আছে। প্ৰথম— সকলো দেখে যে ছলি- পলিৰ খেল-ধেমালী এটা প্ৰধান কাৰ্য্য। জেঙৰ বৰ-কইনা, ধুলাৰ ভাত, বাঁহৰ খোৰা, কল-দোনাৰ ঢোল, খোলাৰ তাল প্ৰভৃতি লৈ ৰং নকৰা শিশু দেশত নোলায়। ডাঙৰ লোকে এইবোৰ খেলাৰ গূঢ় অৰ্থলৈ মন নকৰে; আৰু লৰাৰ ধেমালি বুলি সিবিলাকৰ প্ৰতি কৃপাপূৰ্ণ অৱজ্ঞাৰ ভাৱ প্ৰকাশ কৰে।