সমললৈ যাওক

পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
শিক্ষা-দানৰ অৰ্থ

প্ৰকৃততে কিন্তু খেলা শিশুৰ প্ৰথম আৰু প্ৰধান বিদ্যালয়। লৰাৰ সমস্ত ধেমালি অনুকৰণ আৰু কল্পনা বৃত্তিৰ কাৰ্য্য। ভাঙৰে ভাত-ৰান্ধা অনুকৰণ কৰি লৰাছোৱালীএ ধূলিক চাউল কল্পনা কৰি ভাত-ৰান্ধা ধেমালি কৰে। খেলাৰ পৰা সিহঁতে, কাম কৰি যি তৃপ্তি পোৱা যায় সেই তৃপ্তি লাভ কৰে; আৰু নিজৰ অঙ্গ-প্ৰত্যঙ্গৰ লগতে আন হৰেক ৰকম বস্তুৰ ব্যৱহাৰ শিকে।

  শিশু প্ৰকৃতিৰ দ্বিতীয় প্ৰধান লক্ষণ কৌতুহল প্ৰবৃত্তি। অনুমান কৰা যায়, জন্মৰ প্ৰথম সপ্তাহ মানৰ পৰাই এই প্ৰবৃত্তি জাগি উঠে। সৰুতে ই চঞ্চল থাকে, ক্ৰমে ক্ৰমে স্থিৰ হৈ কেচুৱা আৰু শৈশৱ কালত উজ্জল ৰঙাল আৰু উৎকট বস্তুৰ প্ৰতি কৌতুহল জন্মে; ক্ৰমে সূক্ষ্মতৰ বস্তু আৰু ভাৱৰ প্ৰতিও কৌতুহল থাকা হয়। চকমকীয়া স্কুল বা ছবি এটা দেখিলে ছলি তাক পাবলৈ আকুল হয়; কিন্তু পালেই তাক নানা প্ৰকাৰে ভাঙি-চিঙি চায়। নাজানি আমি ভাবোঁ, দুষ্ট প্ৰকৃতিৰ লৰাই ভাঙি-চিঙি বস্তু নষ্ট কৰে। আচলতে সি এই দৰে বিশ্বৰ জ্ঞান আৰু সৌন্দৰ্য্য ভঁড়ালৰ ৰত্নৰ স্বৰূপ হে বুজিবলৈ চেষ্টা কৰিছে।

  এই কালৰ তৃতীয় প্ৰধান লক্ষণ, কৰ্মত আগ্ৰহ। স্বাস্থ্যবান সৰু ছলিক এখন্তকো এনে বহি থাকা দেখা নাম্বাৰ। ইৰ নাচি বাগি, নহয় কথা কই, হয় খেলা কবি, নহয় ভাঙি-চিঙি বা