পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
শিক্ষা-দানৰ অৰ্থ

মন শক্তিশালী আৰু আগ্ৰাহান্বিত হয়। মনে নতুন এক স্বাধীন ভাৱৰ আস্বাদ পায়, আৰু অনেক মহৎ ভাৱৱ আবেশত মত্ত হৈ উঠে। ভবিষ্যত জীৱনৰ একো একো সুমধুৰ কল্পনা উদয় হৈ মন আনন্দিত কৰে। এই কালডোখৰত অনেক লৰ বিপথে যায়। ইয়াৰ আগত চিন্তা-শক্তি বস্তুগত থাকে; ক্ৰমে ভাৱগত হৈ আহে।

  (ঙ) প্ৰথম যৌৱন— কাল ডোখৰো মানসিক ভাৱৰ খেলাত প্ৰায় কৈশোৰৰ দৰে। এই সময়ত শৰীৰ পুষ্ট, অঙ্গ নিপোটল, হবলৈ ধৰে। চৰিত্ৰৰ চাঞ্চল্য ক্ৰমে কমি আহে; কাল্পনিক ভাৱবোৰৰ আতিশয্যও নিয়মীয়া হবলৈ ধৰে। ভবিষ্যত জীৱনৰ উদ্দেশ্য আৰু কাৰ্য্য-প্ৰণালী সম্বন্ধে কাৰ্য্যকৰী বুদ্ধি হয়।

  ওপৰৰ এই সংক্ষেপ বিবৰণৰ পৰা আমি জটিল মানব- প্ৰকৃতিৰ, আৰু তাতোকৈ জটিল শিশু প্ৰকৃতিৰ বিষয়ে বিশেষ একো বুজিব নোৱাৰোঁ। কিন্তু এইখিনিৰ পৰায়ে কোন সময়ৰ কি উপযোগী পাঠ্য এই সম্বন্ধে বিচাৰ কৰিব পৰা হওঁ। যেনে, ব্যাকৰণ বা জ্যামিতি শাস্ত্ৰ পঢ়িবলৈ বা বুজিবলৈ কাৰ্য্য-কাৰণ জ্ঞান উপজিব লাগে। আৰু চিন্তা ভাৱ-গত হব লাগে। কৈশোৰ বসৰ পূৰ্বে— অৰ্থাৎ ১২। ১৩ বছৰৰ আগেয়ে— এইবোৰ মানসিক শক্তিৰ উদ্ভৱ নহয়। গতিকে প্ৰাইমাৰী স্কুলত ব্যাকৰণ বা জ্যামিতি শিকাবলৈ চেষ্টা কৰা