প্ৰকৃতিৰ ওপৰত নতুন বিষয়টো কিৰূপে গৃহীত হব সেই কথা নিৰ্ভৰ কৰে। কালিদাস আৰু বিদ্যাবতীৰ আখ্যান মনত কৰা। বিদ্যাৱতীএ আঙুলি এটা দেখালে, যে ঈশ্বৰ এক। কালিদাসে ভাবিলে, তাই এটা আঙুলি দেখুৱালে যেতিয়া মই দুটা দেখুৱাওঁ। বিদ্যাৱতীএ বুজিলে, ‘এওঁ বৰ পণ্ডিত, সাংখ্য মতে পুৰুষ-প্ৰকৃতি দুই, তাকে হে কলে’। তেতিয়া বিদ্যাৱতীএ হাতৰ তলুৱা খন মেলি দেখুৱালে, যে পৃথিবীখান চেপেটা বুলি মোৰ বিশ্বাস। কালিদাসে ভাবিলে, মোক চাপৰ হে মাৰিব খুজিছে, বাৰু মই ভুকু মাৰিম বুলি ভয় দেখুৱাওঁ। ভুকু দেখি বিদাৱতী বুজি ললে, ‘এওঁ বৰ পণ্ডিত, পৃথিবী যে প্ৰকৃততে ঘূৰণীয়া, তাকে হে কলে। ’
এই পৃথিবীত বিদ্যাৱতী আৰু কালিদাসৰ অভিনয় আমি সকলোএ সদাই কৰিবই ধৰিছোঁ; মুঠে তাকে বুজি হে নাপাওঁ। নাজানা গান প্ৰথম গোৱা নিলে তাৰ শব্দবোৰ আমি ধৰিব নোৱাৰো; জানা গানটোৰ আখৰে আখৰে বুজি পাওঁ। নুবুজা ভাষাত বক্তৃতা শুনিলে আমি খুটুং-খাটাং কিছুমান ধ্বনি হে শুনো; বুজা ভাষাত হলে প্ৰত্যেক শব্দকে বুজি পাওঁ। অনেক লিখাত বা ছাপাত কোনো কোনো শব্দৰ আখৰ-বিপৰ্য্যয় হয়; আমি সেইবোৰ বিশেষ পৰ্যবেক্ষণ নকৰিলে ধৰিবই নোৱাৰোঁ। এই আটাই বিলাকৰ কাৰণ— সমুখত যি নতুন নতুন বিষয় উপস্থিত হয়, তাক ধৰিবলৈ