কঢ়িয়াব নোৱাৰে; লাগে তুমি যিমানেই মাৰা বা যি কৰা। মানসিক ক্ৰিয়াৰো এই ক্ৰম। যদিও তাৰ বোজাটো আমি চকুৰে নেদেখোঁ, সেই বুলি তাৰ ভাৰ নকমে। শিক্ষা- দান-কাৰ্য্যত এই স্বাভাৱিক প্ৰবৃত্তিবিলাকৰ পৰিমাণ আৰু প্ৰকৃতি ভাল দৰে বুজি লই, সেইবিলাকৰ উপযোগী কাম দি, সিহঁতক সজাগ আৰু কৰ্মক্ষম কৰি ৰাখিব লাগে।
৭। কাজীৰ বিচাৰৰ এটা সাধু আছে। তিৰোতা এজনীক লৈ পণ্ডিত আৰু খেতিয়কৰ বিবাদ— প্ৰত্যেকে আৰু (২) পূৰ্ব অভিজ্ঞতাৰ প্ৰকৃতিৰ ওপৰত তিৰোতাজনীক নিজৰ বুলি কয়; কিন্তু তাই হলে নামাতে, একো নকয়। সেই দিনৰ কাৰণে তিৰোতা জনীক কাজীএ নিজৰ ঘৰলৈ লৈ গল। পুৱা মহীচুঙা এটাত মহী ভৰাবলৈ বুলি কাজীএ তিৰোতাজনীক কলে। তাই অতি পৰিপটি কৈ সেই কাম কৰিলে। বিচাৰৰ সময়ত কাজীএ তিৰোতা জনীক পণ্ডিতক দি দিলে।
এইজনা কাজীএ, দেখা যায়, বিশেষৰূপে মানুহৰ মনৰ ক্ৰিয়াৰ প্ৰণালী বুজিব পাৰিছিল। আমাৰ প্ৰত্যেকৰ মনত এই প্ৰকাৰেই ক্ৰিয়া হয়। আমাৰ সমুখত কোনো এটা নতুন গ্ৰহণীয় বিষয় উপস্থিত হলে, সি আমাৰ পূৰ্ব অভিজ্ঞতাৰ কোনো এটা অংশ টানি আনে; যি অংশ টানি আনে তাৰ