পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
শিক্ষা-বিচাৰ

আমাৰ নিজৰ অতিজ্ঞতাৰ কোনো কোনোটো অংশ আগ বাঢ়ি যায়। নতুন বিষয়ৰ লগত পুৰণা অভিজ্ঞতাৰ চিনাকী যিমান ঘনিষ্ঠ তিমানে দুয়োৰো মিলন সহজ হৈ উঠে। যত এই চিনাকী নাই, ভাত পুৰণা অভিজ্ঞতাৰ প্ৰকৃতি অনুসৰি এই চিনাকী সংঘটন হয়।

  এই কাৰণে দেখা যায় যে সমান বয়সীয়া সমান শক্তিসম্পন্ন ভিন-ভিন শিশু এ ঠিক একে প্ৰকাৰে শিক্ষা লাভ কৰিও ভিন ভিন ৰূপে বিকাশ লাভ কৰে। একে শ্ৰেণীৰ কোনোটা লৰাই অঙ্ক ভাল দৰে জানে, কোনোটাই সাহিত্য পঢ়ি সোৱাদ পায়, কোনোটোই বুৰঞ্জী পঢ়ি আনন্দ লাভ কৰে, আৰু কোনোটোৰ বা বুৰঞ্জী দেখিলেই ভয়ত অণ্ঠ-কণ্ঠ শুকাই যায়। এনে বিভিন্নতাৰ কাৰণ বহুত— সৰু কালৰ শিক্ষা, ঘৰৰ প্ৰভাৱ, শিক্ষকৰ দোষাদোষ, কোনো এদিনৰ বা এটা ক্ষণৰ মনৰ গতি— ইত্যাদি অনেক অৱস্থাৰ পৰা এনেকুৱা বিভিন্নতাৰ উৎপত্তি হয়। এই আটাইৰে তলিত এটা সত্য দেখা যায়— যি যেনে প্ৰকাৰৰ পূৰ্ব অভিজ্ঞতা লৈ স্কুললৈ আহে, তাৰ গ্ৰহণৰ ক্ষমতা সেই অভিজ্ঞতাৰ অনুৰূপত হয়। যি লৰাই ঘৰ দৌৰা-দৌৰি মাৰা- মাৰি খেলা-ধুলা কৰি বেছি সময় কটাইছিল, তাৰ মনে ঢাল খাব স্কুলৰ খেল-আদিৰ ফালে; ব, তাৰ পূৰ্ব অভিজ্ঞতাই খেল- আদি সম্বন্ধীয় কৰা গ্ৰহণ কৰিবলৈ তাক বেছি পাৰগ কৰি তুলিব। যি লৰাক ঘৰত ‘গৰু পঢ়’ এই নীতি-বাক্যৰ তলত