অনুভূতি। প্ৰত্যেক জ্ঞান আৰু কৰ্মৰ লগত ই একান্ত ভাবে জড়িত হৈ থাকে, আৰু ইয়েই আমাৰ জ্ঞান আৰু কৰ্মৰ প্ৰকৃতি অনেক পৰিমাণে নিৰূপণ কৰি দিয়ে। গোলাপ ফুল এটা গাছত দেখিলোঁ (জ্ঞান); মনত ভাল লাগিল (অনুভূতি); তাক তুলি আনিলোঁ (কৰ্ম)। আকৌ, কেঁচি এখান লৈ পাঞ্জাবী এটাৰ কাপোৰ কাটিলোঁ ( কৰ্ম); এই কামটো জানিব পাৰিলোঁ (জ্ঞান); মনত ভাল লাগিল ( অনুভুতি)। এই জ্ঞান বা বোধ, অনুভূতি, আৰু কৰ্ম বা ইচ্ছা— আমাৰ , অভিজ্ঞতাৰ এই তিনিটা ফালে একেলগে ক্ৰিয়া কৰি আমাক নতুন অভিজ্ঞতা সঞ্চয় কৰিবলৈ বাট মোকলাই দিয়ে।
৬। কিন্তু এই অভিজ্ঞতা সঞ্চয়ৰ পৰিমাণ আৰু নতুন সঞ্চিত এই অভিজ্ঞতাৰ প্ৰকৃতি মানুহ ভেদে বিভিন্ন প্ৰকাৰৰ গ্ৰহণৰ ক্ষমতা নিৰ্ভৰ কৰে— (১) স্বাভাৱিক প্ৰবৃত্তিৰ হয়। আগত কোৱা হৈছে যে সকলো লোকৰ জন্মগত কিছুমান স্বাভাৱিক শক্তি আছে। এই শক্তিবিলাকৰ কিছুমানৰ সহায়ৰে শাৰীৰিক, আৰু আন কিছুমানৰ সহায়েৰে মানসিক ক্ৰিয়া কৰোঁ। এই স্বাভাৱিক শক্তিবোৰৰ পৰিমাণ লৈ ৰে ক্ৰিয়াৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি। শাৰীৰিক ফালত যি দৰে শক্তিৰ ক্ৰমে বিকাশ হয়— অৰ্থাৎ সৰুতে বল কম থাকে, ডাঙৰ হলে বেছি হয়—