পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
শিক্ষা-দানৰ অৰ্থ

সেই বস্তু আন এজনৰ পক্ষে তেনে নহবও পাৰে, আৰু প্ৰায় স্থলতে নহয়।

  সকলো জ্ঞান কামত সমাপ্ত হয়; আৰু নতুন কামে নতুন জ্ঞান জন্মায়; সেই জ্ঞানে পুনৰ নতুন কামৰ ক্ষমতা দিয়ে। এই দৰে কাৰ্য্য-কাৰণৰ শৃংখলৰ ফৰে জ্ঞান আৰু কৰ্মও এক শৃংখলত আৱদ্ধ।

  এটা উদাহৰণ কওঁ। প্ৰথম, লিখাৰ প্ৰণালীটো কিছু পৰিমাণে শিকি লই (জ্ঞান) এটা ‘ক’ লিখিলোঁ (কম)। এই ‘ক’ টো নিজ হাতে লিখিবলৈ চেষ্টা কৰাত ক-লিখাৰ নিয়মটো আৰু অলপ দকৈ জানিলো (জ্ঞান), তাৰ ফলত দ্বিতীয় বাৰ ক লিখা সহজ হৈ উঠিল (কৰ্ম)। এইৰূপে ক্ৰমে ক্ৰমে চকু মুদিও ‘ক’ লিখিব পাৰা হলোঁ। মানুহৰ জীৱনত এই দৰে জ্ঞানে কৰ্ম আৰু কমই জ্ঞান বৃদ্ধি কৰি থাকে। গছ আৰু গুটিৰ সম্বন্ধৰ দৰে ইয়াৰ কোনটো আগ আৰু কোনটো পাছ, সেই বিষয়ে নানান মুনিৰ নানান মত। সেই আলোচনা আমাৰ অনাৱশ্যক।

  কোনো এক সময়ত কোনো এক মানুহৰ মনত যিমানখিনি জ্ঞান গোট খায়, আৰু সেই মানুহৰ যিমানখিনি কৰ্মৰ শক্তি হয়, তাৰ সমষ্টিক অভিজ্ঞতা বুলিব পাৰি। অভিজ্ঞতাৰ প্ৰথম দৃষ্টিতে এই দুটা ফাল দেখা যায়— জ্ঞানৰ আৰু কৰ্মৰ। কিন্তু ইয়াৰ তৃতীয় এটা ফাল আছে যি সমীনে কাৰ্য্যকৰী। ই