পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
শিক্ষা-দানৰ অৰ্থ

মানসিক ফালতো, শক্তিৰ বিকাশ সেই দৰেই হয়। কোনো এক নিৰ্দিষ্ট সময়ত কোন এক নিৰ্দিষ্ট লৰাই তাৰ শাৰীৰিক আৰু মানসিক শক্তিৰ, অনুপাতে হে কাম কৰিব পাৰে। গতিকে শিশুৰ জ্ঞান গ্ৰহণৰ ক্ষমতা প্ৰথমে নিৰ্ভৰ কৰে তাৰ স্বাভাৱিক প্ৰবৃত্তি বা শক্তিৰ ওপৰত। যি বয়সত যিবিলাক প্ৰবৃত্তি সজাগ হয়, বা প্ৰবৃত্তিবোৰৰ যেনেবিলাক লক্ষণ প্ৰকাশ পায়, সেই বয়সত শিশুএ সেই সেই প্ৰবৃত্তিৰ বা সেই সেই লক্ষণৰ উপযোগী জ্ঞান হে গ্ৰহণ কৰিব পাৰে। ইয়াতে অৱশ্য এই কথা ফাঁকি মনত ৰাখা উচিত যে ব্যৱহাৰ কৰা ছাবিপাত সদাই চিক্‌চিকাই থাকে। অৰ্থাৎ শক্তি-অনুযায়ী নিয়মিত মতে পৰিশ্ৰম কৰি থাকিলে, কাম কৰিব পৰা ক্ষমতা বেছি হয়।

  শাৰীৰিক কালৰ কথা ইন্দ্ৰিয়-গোচৰ হয় দেখি তাক সহজতে বুজি। তেনে উদাহৰণ এটা দিয়া যাক। দহ বছৰীয়া নিয়মমতে পৰিশ্ৰম কৰা লৰা এটাই, একে বয়সীয়া একো-নকৰা লৰা এটাত কৈ বহুতো কাম জানে, বা তাৰ বলো বেছি হয়। কিন্তু দহবছৰীয়া লৰাটোক যদি ডেকা এটাৰ সমানে সমানে খটাবলৈ বিচাৰোঁ, তেনেহলে তাৰ স্বাস্থ্য বল শক্তি তেনেই ভগ্ন হব।

 মানসিক শক্তিটো এই কথাই হুবহু খাটে। গৰু এহালৰ শাৰীত পঞ্চাশ-মুণীয়া ভাৰৰ বোজা দিলে গৰু হালে তাক