পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪০
শিক্ষা-বিচাৰ

কি কি ভাল কাম হব পাৰে, চামৰাৰ-বেপাৰীএ হিচাব কৰিব তাৰ দাম কিমান হব পাৰে ঢুলীয়াই ভাবি চাব যে তাৰপৰা এটা ভাল ঢোলৰ দন হয়, আৰু নৈষ্ঠিক হিন্দু এজনে তাকেই দেখি দুৰ দূৰ চেই চেই কৰে। নিঃশেষ কৰি প্ৰত্যেকে চামৰাৰ গুণ জানাহেতেন, ভিন্ ভিন্ ব্যক্তিৰ মনত ভিন্ ভিন্ ভাৱৰ উদয় হব নোৱাৰে।

  কাণাই হাতী চোৱা দৃষ্টান্তটো আটায়ে জানে। আচলতে আমি প্ৰত্যেকে তেনে একোটা কাণা। এই বিপুল বিশ্বৰূপ হস্তীৰ কোনো নখ এটা, কোনোএ নোম এডাল চুব পাৰি ভাবো, আমি এই সমস্ত বিশ্বকে জানিলোঁ বুলি। অভিজ্ঞতাৰ এনে সীমা, মানুহৰ জ্ঞানৰ এনে সংকীৰ্ণতা, উপলব্ধি কৰি হে নিউটনৰ দৰে অসামান্য শক্তিশালী পণ্ডিতেও ৰহস্যময় বিপুল বিশ্বৰ ৰহস্যৰ আগত মূৰ দোঁৱাইছিল।

  ফল কথা, মানুহৰ অভিজ্ঞতাৰ পৰিসৰ অতি ঠেক; আৰু সি ভিন্ ভিন্ ৰূপে প্ৰকাশ পায়।

 

জ্ঞান (বোধ), কৰ্ম আৰু অনুভূতি   ৫। এই অভিজ্ঞতাৰ অনুৰূপে আমি ক্ৰিয়া কৰোঁ। সেই দেখি আমাৰ প্ৰত্যেকৰ জ্ঞানৰ ৰূপ বেলেগ, আমাৰ প্ৰত্যেকৰ কৰ্মৰ প্ৰকৃতি বেলেগ, আৰু আমাৰ প্ৰত্যেকৰ অনুভূতিৰ ক্ষমতাও বেলেগ— যি বস্তু আমাৰ এজনৰ পক্ষে সুখ-দায়ক,