পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
শিক্ষা-দানৰ অৰ্থ

আতি-গুৰি আমি কোনোএ ভালকৈ নাজানো। ইয়াক তৈয়াৰ কৰাত, নিমজ কৰাত, বগা কৰাত, কি কি বস্তুৰ ব্যৱহাৰ কৰিব লাগিছে, কি কি যন্ত্ৰৰ আৱশ্যক হৈছে, আমি কব নোৱাৰোঁ। সেই সেই বস্তু আৰু সেই সেই যন্ত্ৰ কত পোৱা যায়, কোনে কি কৰে তৈয়াৰ কৰে, ইত্যাদি কথাৰো গম নাপাওঁ। আৰু, লিখা কামৰ উপৰি আৰু কি কি ব্যৱহাৰত কাগজ লগাব পাৰি তাৰো সবিশেষ ভূ নাপাওঁ। আকৌ, যদিবা কোনোএ বৰ্তমানত কাগজ তৈয়াৰ-ব্যৱহাৰ আদি সম্পৰ্কে যাবতীয় কথা জানেই, ভবিষ্যতে যে আন কোনো বস্তুৰ পৰা কাগজ তৈয়াৰ নহব বা আন কোনো ব্যৱহাৰত ই নালাগিব — এই কথা কেৱে কব নোৱাৰে।

  কাগজৰ লগত মোৰ পৰিচয় তাৰ কেটামান ধৰ্মৰ যোগেহে। এইদৰে, বিশ্বৰ সকলো বস্তুৰ লগত আমাৰ পৰিচয় আংশিক। বস্তুৰ যি যি গুণ বা ধৰ্ম আমাৰ কামত লাগে আমি সাধাৰণতে বস্তুক সেই সেই গুণান্বিত বুলি ভাবি থওঁ। সেই দেখি আমাৰ পূৰ্ব পূৰ্ব জ্ঞান আৰু কৰ্মৰ প্ৰকৃতি অনুসৰি আমাৰ প্ৰত্যেকৰ অভিজ্ঞতাৰ প্ৰভেদ দেখা যায়। সোণ দেখিলে, আমাৰ মনত খেলায় তাৰ আৱশ্যক অলঙ্কাৰ গঢ়িবৰ কাৰণে; কিন্তু সোণৰপৰা কি উপায়ে নানাবিধ ঔষধ আৰু হৰেক প্ৰকাৰ যন্ত্ৰ আদি প্ৰস্তুত হব ধৰিছে, তাৰ খৰৰ একো নাজানো। চামৰা এখান দেখিলে মুচিএ মন কৰিব তাৰপৰা