পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
শিক্ষা-বিচাৰ

শিক্ষকে তৈয়াৰ কৰি দিয়ে। সকলো শিক্ষণীয় বিষয়তে এই কথা।

  সাধাৰণতে কোৱা যায়, শিক্ষা দি শিক্ষক ছাত্ৰৰ অভিজ্ঞতা বঢ়ায়; কিন্তু প্ৰকৃততে কোনো শিক্ষকেই ছাত্ৰক শিক্ষা দান কৰা অসম্ভৱ। শিক্ষকে বিষয়খিনি সুগম অৱস্থালৈ আনি ছাত্ৰৰ আগত উপস্থাপিত কৰিব পাৰে; আৰু এই দৰে উপস্থাপিত কৰিব পাৰে, যাতে ছাত্ৰই সহজতে তাক গ্ৰহণ কৰিবলৈ পাৰগ হয়। কিন্তু যদি ছাত্ৰই নিজে গ্ৰহণ নকৰে, নিজে বুজি নলয়, তেনেহলে ভূ-ভাৰতৰ কোনো শিক্ষকৰ সাধ্য নাই যে তেওঁ কোনো বিষয় সম্বন্ধে জ্ঞান ছাত্ৰক দান কৰে। সেই দেখি প্ৰকৃত-পক্ষত ‘শিক্ষা দান’ কথা আখৰৰ অৰ্থ নাই; ‘শিক্ষা-গ্ৰহণ’ বুলিলেহে আচল কথা প্ৰকাশ কৰা হয়।

 

অভিজ্ঞতাৰ অৰ্থ   ৪। ইয়াৰ পৰা বুজিব পাৰিলোঁ যে জ্ঞান-অৰ্জন কথাটোৰ অৰ্থ আছে। কিন্তু জ্ঞান-দান কথাটোৰ অৰ্থ ঘূৰাই-পকাই হে সঙ্গতি খুৱাব পাৰি। জ্ঞান-অৰ্জন মানে নিজৰ বাহিৰত থাকা বস্তুবোৰৰ সম্বন্ধে কিছুমান কথা জানা। কিন্তু কোনো বস্তুকে নিঃশেষ ৰূপে জানা সাধাৰণ মানুহৰ পক্ষে অসম্ভৱ। মই যি কাকতৰ ওপৰত লিখিবলৈ লৈছোঁ, দেখাত সি অতি সামান্য সকলোএ জানা-শুনা বস্তু। কিন্তু সেই কাকতৰে