শিক্ষকে স্বাভাৱিক প্ৰবৃত্তিৰ বশ, আচাৰ ব্যৱহাৰত অসভ্য, ছলিৰ পৰা সভ্য-ভব্য মাৰ্জিত লোক তৈয়াৰ কৰে। সকলো কাঠৰ সকলো ভাল বস্তু তৈয়াৰ নহয়, জানা মিস্তিৰিএ কাঠৰ প্ৰকৃতি চাই কোন কাঠ কিহৰ উপযোগী ঠিক কৰি লৈ হে কোনো আচবাব তৈয়াৰ কৰিবলৈ আগ বাঢ়ে। সেইদৰে সকলো ছাত্ৰ একে নহয়, অভিজ্ঞ শিক্ষক ছাত্ৰ প্ৰকৃতি বুজি য'ৰ যেনে উপযুক্ত তাক তেনে শিক্ষা দিবলৈ বিচাৰে।
ওপৰৰ কথা,শিক্ষক ছাত্ৰ বিষয় অতি বহল অৰ্থত ধৰিলেও ৰজিব। যেয়ে শিকায়— পিতৃ মাতৃ, ভাই বন্ধু, শত্ৰু-মিত্ৰ - সেয়ে শিক্ষক; যিহকে শিকোৱা যায়— সজ অসজ, লাগতিয়াল- অলাগতিয়াল- সেয়ে বিষয়; আৰু যাকে শিকোৱা যায়— নবজাত শিশুৰ পৰা খৰঘৰীয়া বুৰা পৰ্য্যন্ত— সেয়ে ছাত্ৰ। এই তিনিটা অঙ্গ পুৰ হলেই, আৰু হলেহে, শিক্ষা দান কাৰ্য্য চলিব পাৰে। তেতিয়া পকা ঘৰ বা গছ-তল শিক্ষাৰ ঠাই, বাচ-বিচাৰ কৰাৰ আৱশ্যক নকৰে।
শিক্ষা-দানৰ অৰ্থ ২। এই কথাকে অলপ বেলেগ ভাৱে ভাৱি চাব পাৰি। শিক্ষা-দান-ক্ৰিয়াত ছাত্ৰৰ লগত বিষয়ৰ সম্বন্ধ ঘটিব লাগে; এই সম্বন্ধ ঘটাই দিয়ে শিক্ষকে। ছাত্ৰ এটা সুকীয়া বস্তু, বিষয় আন এটা বস্তু। শিক্ষক এই দুই বস্তুৰ পৰিচয় হোৱাৰ দিহা লগাই দিয়ে।