পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৩৫
শিক্ষা-দানৰ অৰ্থ

  এটা উদাহৰণ লোৱা যাওক। কেচুৱা ছলি এটাৰ আগত লেম এটা থোৱা হল। লেমৰ ঔজ্জল্যত শিশুৰ কৌতুহল প্ৰবৃত্তিৰ ক্ৰিয়া হল, আৰু সি লেমত হাত দিলে, হাতত চেঙা লাগিল, দুখ পালে আৰু হাত কোঁচাই আনিলে আগলৈ সি লেম লেখিলে, তাৰ ঔজ্জ্বল্যত মোহিত হব পাৰে, তাৰ প্ৰতি কিন্তু আৰু হাত নবঢ়ায়। তাৰ শিক্ষা হল— লেমৰ ঔজ্জল্য নো কি বস্তু সি বুজিলে।

  এই এটা শিক্ষা-দানৰ উদাহৰণ। ইয়াত বিষয়, ‘জলি থাকা লেমৰ ধৰ্ম’; উদ্দেশ্য, ‘কেচুৱাক লেমৰ জুয়ে যে হাত পোৰে’ এই কথাত অভিজ্ঞ কৰা। শিক্ষকৰ কাম, কেৱল লেমটো আগত থৈ এই দৰে চলা যেন কেচুৱাই হাতত দুখ যথেষ্ট পাই, অথচ তাৰ প্ৰকৃত অনিষ্ট একো নহয়।

  লেমটো চুই তাৰপৰা দুখৰ অনুভূতি নোহাৱা পৰ্য্যন্ত লেমটো শিশুৰ পক্ষে অৰ্থহীন আছিল; লেমৰ দুখ দিব পাৰা শক্তিৰ কথা জানাৰপৰা শিশুৰ মনত লেম অৰ্থযুক্ত হল। লেম এতিয়া তাৰ সম্পূৰ্ণ বাহিৰা বস্তু নহয়। এতিয়া লেমৰ লগত শিশুৰ সংযোগ ঘটিল। শিশুএ এই ৰহস্যময় বিশ্বৰ আৰু এটা ক্ষুদ্ৰ কণাৰ লগক্ত সম্বন্ধ পাতিলে; তাৰ জ্ঞানৰ পৰিমাণ বাঢ়িল; সি লেমৰ বিষয়ত কিছু অভিজ্ঞ হল।

  বিশ্বৰ বস্তুৰ লগত পৰিচয় বা জ্ঞান-অৰ্জুন বা অভিজ্ঞতা সঞ্চয় কৰাই দিয়াই শিক্ষা-দান। শিক্ষা-দান কৰি শিক্ষকে