পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় অধ্যায়

শিক্ষা-দানৰ অৰ্থ

ছাত্ৰ, বিষয় আৰু শিক্ষক   ১। সকলো ক্ৰিয়াতে তিনিটা অঙ্গ থাকে— কৰ্তা, কৰ্ম আৰু কৰণ। অনেক ঠাইত কোনোটাৰ উল্লেখ নাথাকে; কিন্তু তাৰ অস্তিত্ব সহজতে বুজা যায়। যেনে, মই ‘লিখিছোঁ’; ইয়াত মই কৰ্তা, ‘কথা’ কৰ্ম, আৰু কাগজ কলম- ইত্যাদি কৰণ বা যন্ত্ৰ, যাৰ সহায়ত মোৰ লিখন ক্ৰিয়া চলিছে।

  শিক্ষা-দান ক্ৰিয়াৰো এই তিনিটা অঙ্গ আছে। ইয়াৰ কৰ্তা শিক্ষক, কৰ্ম ছাত্ৰ, আৰু কৰণ বা যন্ত্ৰ বিষয়। প্ৰথমতে বিষয়ক কম-স্থানীয় যেন দেখা যায়; কিন্তু অলপ গমি চালেই পোৱা যাব যে শিক্ষকে বিষয়ৰ সহায় লৈ, বিষয়ৰ যোগে হে, ছাত্ৰক শিক্ষা দিব পাৰে।

  মিস্তিৰিএ কাঠ এডোখৰৰ পৰা টেবুল বা বাকচ বা যেই সেই ভাল বস্তু এখান তৈয়াৰ কৰিব পাৰে। ভাল মিস্তিৰিৰ হাতত পৰিলে সেই বাহানিখন নিমজ হয়, বেয়াৰ হাতত পৰিলে কাঠডোখৰ তেনেই নষ্ট হবও পাৰে। সেই দৰে