অসমীয়া মানুহৰ কথা যদি ধৰোঁ— আমাৰ স্বভাৱত অলপমান স্বাধীনতা দেখা যায়। এই গুণটো শিক্ষাই কৰ্ষণ কৰিব পাৰিব লাগে। ইফালে অসমীয়া মানুহ এলেহুৱা, সুখীয়া আৰু কাম-পাচলৈ-পেলাই-থোৱা। এই কেইটা আমাৰ দোষ। শিক্ষাৰ পৰা এই কেইটা দোষ গুচিব লাগে।
আৰু জাতি হিচাবে, অসমীয়াৰ মাজত সকলো লোককে একে শ্ৰেণীৰ বুলিব পাৰি। টকা-পাইচাৰ তাৰতম্যত এতিয়াহে আন এটা শ্ৰেণীৰ লোকৰ আৱিৰ্ভাৱ হব খুজিছে, যিবিলাকে নিজক অভিজাত বংশৰ বুলি পৰিচয় দিব খোজে। কিন্তু প্ৰকৃততে আমাৰ দেশত অভিজাত শ্ৰেণী এটা নাই। আহোম ৰাজাৰ দিনত উচ্চ আহোম বংশ কেইটামান আছিল। তেওঁলোক তেতিয়া প্ৰকৃত অভিজাত শ্ৰেণীৰ আছিল। বৰ্তমান হাৱাত তেওঁলোকে সেই গৌৰৱ এৰিছে; যি ধৰিব খোজে, তেওঁলোকৰ তেনে গৌৰৱৰ একো হেতু নাই। অনেক কথাত জাতিৰ পক্ষে ই এটা ভাল কথা। সেই দৰে প্ৰায় প্ৰত্যেক অসমীয়া মানুহৰে অলপ অলপ মাটি আৰু খেতিৰ যোগাৰ আছে। ইও এটা আমাৰ শুভ লক্ষণ।
অসমীয়া মানুহৰ উপযুক্ত জাতীয় শিক্ষা হব তেনে শিক্ষা, যি আমাৰ এই প্ৰকৃতিবোৰলৈ লক্ষ্য ৰাখি আমাৰ নৈতিক, মানসিক আৰু আৰ্থিক জীৱন-গঠনত সহায় কৰিব পাৰে।