১৪। যেতিয়ালৈকে এই মূল উদ্দেশ্য মনত ৰাখি শিক্ষাৰ বিধান কৰা হয়, তেতিয়াপৰ্য্যন্ত শিক্ষাদানৰ ভাষাকোন ভাষা শিক্ষা কৰিম বা কোন ভাষা নকৰিম, এই প্ৰশ্নৰ তিমান মূল্য নাথাকে। কিন্তু বিদেশী ভাষা এটাৰ সহায়ত হে আমি সাধাৰণ বুৰঞ্জী ভূগোল গণিত বা বিজ্ঞান শিক্ষা কৰিব পাৰোঁ, আমাৰ নিজৰ ভাষাত নোৱাৰোঁ—এই বিশ্বাস অত্যন্ত ভ্ৰান্ত। যিবিলাকে এই কথা কয়, তেওঁলোকে দেখুৱায় যে আমাৰ ভাষাত— অৰ্থাৎ অসমীয়া, বঙালী বা হিন্দি আদি ভাষাত—উপযুক্ত কিতাপ নাই। এই কথা কিছু সত্য; আৰু ইয়াৰ কাৰণ তেনে কিতাপৰ অৱশ্যকতা হোৱা নাই; হোৱা মাত্ৰকতে যে যথেষ্ট কিতাপ ওলাব তাত আশঙ্কা কৰিবৰ সমূলি কাৰণ নাই।
নিজ মাতৃ-ভাষাত সমস্ত শিক্ষা হোৱা একান্ত উচিত যদিও আমাৰ পক্ষে সকলোএ ইংৰাজী ভাষা কাৰ্য চলাকৈ আয়ত্ত কৰিব পাৰাৰ বন্দবস্ত থাকিব লাগে। ইংৰাজী ভাষা সমগ্ৰ পৃথিবীৰ সমস্ত বিদ্যাৰ সঞ্চাৰ-কাঠি আৰু সকলো ব্যৱসায়ৰ বাহন। জ্ঞান আৰু অৰ্থ—উভয়ৰ উপাৰ্জনৰ কাৰণ এই ভাষা শিক্ষা আমাৰ প্ৰত্যেকৰ পক্ষে লাগতিয়াল।
১৫। এই খিনিতে মই মোৰ এই প্ৰবন্ধৰ সামৰণি