মুঠ কথা, বাধ্যতামূলক শিক্ষাৰ পৰাহে গোটাই জাতিৰ শিক্ষা হোৱাৰ সম্ভাৱনা দেখা যায়। তাকে নকৰি, বৰ্তমান ৰীতি অনুসৰি চলি থাকিলে শতকৰা ৫০ জন ছলি শিক্ষিত হবলৈকো আৰু এক শতাব্দী চেষ্টাৰ আৱশ্যক হব—অতিকম পক্ষত।
১৩। সম্প্ৰতি জাতীয়-শিক্ষা বুলি এটা আৰ্তৰাৱ উঠিছে,
অথচ জাতীয় শিক্ষা কি কোনোএ ভাবি
জাতীয়-শিক্ষানাচায়। ইংৰাজী এৰি হিন্দি আৰু
বিজ্ঞান এৰি সূতাকাটা শিকিলেই জাতীয় শিক্ষা হল বুলি
অনেকে ভাৱে। এই ধাৰণা ভুল।
শিক্ষাৰ উদ্দেশ্য চৰিত্ৰ গঠন। যি শিক্ষাই জাতিৰ চৰিত্ৰ গঠন কৰি দিব পাৰে সেযে জাতীয় শিক্ষা। সকলো জাতিৰ চৰিত্ৰ একে নহয়, গতিকে সকলো জাতিৰ পক্ষে জাতীয় শিক্ষা একে হব নোৱাৰে। কোনো জাতিৰ চৰিত্ৰত যি গুণৰ আধিক্য দেখা যায়, আন জাতিৰ সম্ভৱতঃ সেই গুণ নাথাকিব পাৰে। দোষৰ সম্বন্ধেও এই কথা। এই কাৰণে কোনো জাতিৰ জাতীয় শিক্ষাৰ ব্যৱস্থা কৰিব লাগিলে, সেই জাতিৰ প্ৰকৃতি-গত দোষ- গুণৰ সম্যক হিচাব লব লাগিব। জাতি-গত গুণৰ উৎকৰ্ষ- সাধন আৰু দোষৰ নিৰাকৰণ জাতীয় শিক্ষাৰ মূল উদ্দেশ্য।
এই উদ্দেশ্য সিদ্ধিৰ কাৰণ বিষয়ৰ অধ্যাপনা তিমান
আৱশ্যকীয় নহয়, স্বভাৱ গঠন কৰা যিমান লাগতিয়াল।