দুই সীমাৰ ভিন ভিন বয়সলৈ শিক্ষা বাধ্যতামূলক কৰা হৈছে। তলৰ ফালৰ বয়স ৫ বা ৬ৰ পৰা আৰম্ভ কৰা হৈছে। আমাৰ দেশ দুখীয়া, ইয়াত খৰচৰ অনাটন হে শিক্ষা বাধ্যতা-মূলক কৰাৰ প্ৰধান বাধা। আমাৰ দেশত আৰম্ভণতে ছয়ৰ পৰা দহলৈ বা এনে কি সাতৰ পৰা দহলৈ— বাধ্য কৰাৰ এয়ে যথেষ্ট বয়স|
শিক্ষা বাধ্যতামূলক কৰিলে প্ৰকৃততে কিছুমান মানুহৰ পক্ষে অসুবিধা হয়। অনেক লোকে আঠ-দহ বছৰীয়া ছলিৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হয়। অনেক স্কুল দূৰ বা অসুবিধাজনক ঠাইত। তেনে স্থলত লৰা-ছোৱালীক বাধ্য নকৰাকৈ ৰাখিব পাৰি।
কিন্তু এইটো মন কৰিব লাগে যে স্কুলত ৩,৪ ঘণ্টাৰ বেছি সময় আৱশ্যক নহয়। আমাৰ ছলি তিনি-চাৰি নালাগে আঠ-দই ঘণ্টা পৰিমিত কাল একো কাম নকৰি কটায। তাহাঁতৰ যে ৩। ৪ ঘণ্টা কাল অৱসৰ নোহাৱাৰ কাৰণে শিক্ষা কৰিব নোৱাৰে—এই কথা সম্পূৰ্ণ শ্ৰদ্ধাযোগ্য নহয়।
সৰু ছলিক চাকৰ ৰখা অনেক লোকৰো অৱশ্যে অসুবিধা হ'ব পাৰে। সি নিত্যন্ত অধৰ্তব্য। সমাজ যথেষ্ট উন্নত হলে, সৰু ছলিক চাকৰ ৰাখা অপৰাধ বুলি গণ্য হলহেতেন। সি যি হক, যি তেনে চাকৰ নহলে নহয় বুলি ভাবে, তেওঁ সেই ছলিক ৩। ৪ ঘণ্টাৰ কাৰণে স্কুললৈ যাবলৈ অৱসৰ দিবৰ নিয়ম হ'ব লাগে।