উত্তম আদৰ্শৰ আৱশ্যক। ‘উপদেশতকৈ আদৰ্শ কাৰ্য্য কৰি’— এই নীতি-আখৰ এই ক্ষেত্ৰত বিশেষ অৰ্থযুক্ত। ছলিএ ডাঙৰৰ আদৰ্শ অনুকৰণ কৰিবই; ডাঙৰে ধঁপাত খালে যিমানেই বিপৰীত উপদেশ নিদিয়া ছলিও হোকা হুপিব।
সঙ্গ আৰু চাকৰ-নাকৰ সম্বন্ধেও বিশেষ সাৱধান হোৱা আৱশ্যক। অনেক কু-কথা কু-ৰীতি ছলিএ যে সঙ্গ আৰু দায়িত্বহীন চাকৰৰপৰা শিখে। পাৰ্য্যমনে ছলিক চাকৰৰ সঙ্গ লবলৈ দিব নালাগে।
পাশ্চাত্য দেশ অনেক ছলি বোৰ্ডিং-স্কুলত থাকি ডাঙৰ হয়। সেই দেশতকৈ আমাৰ দেশৰ অভিভাৱকৰ কৰ্তব্য বিশেষ গুৰুতৰ। শিক্ষা-বিষয়ত স্কুল আৰু ঘৰে পৰস্পৰ সহায় বিচাৰে। স্কুলৰ উপকাৰ আৰু ঘৰৰ উদাহৰণ; স্কুলৰ বিদ্যা আৰু ঘৰৰ জ্ঞান; স্কুলৰ পাণ্ডিত্য আৰু ঘৰৰ চাৰিত্ৰ;— এইবোৰ গুণৰ পৰস্পৰ ঘনিষ্ঠ সম্পৰ্ক হলেহে আদৰ্শ মানব- চৰিত্ৰ গঠিত এ পাৰে।
আমাৰ সতি-সন্ততিৰ ওপৰত যেনেকৈ জাতিৰ সকলো গৌৰৱ আৰু ভাল-বেয়া নিৰ্ভৰ কৰিছে, সেইদৰে আমাৰ ওপৰতো সন্তান-সফলৰ চৰিত্ৰ-গঠনৰ ভাৰ পৰিছে। আজি আমাৰ সন্তানক যি দৰে গঢ়ি তোলোঁ, কালি আমাৰ জাতি সেই দৰৰ গঠন লৈ উঠিব। যি লোকে জানি-বুজি এই কৰ্তব্যত আওহেলা কৰে— যি দহ শিকাৰ পাৰা শক্তি থাকাটো