সন্তানক পাঁচ শিকায়ে সন্তুষ্ট হয়—তেওঁ অকল নিজৰ আৰু নিজ সন্তানৰ অন্যায় কৰিয়েই নেৰে; তেওঁ তাৰ উপৰিও নিজৰ জাতিৰ নিজৰ সমাজৰ আৰু নিজৰ দেশৰ দ্ৰোহ আচৰণ কৰে।
৮। অপ্ৰিয় হলেও হিত কথা কোৱা শাস্ত্ৰৰ যুক্তি।
সেই দেখি সন্তান-শিক্ষা-বিষয়ত পিতৃ-
মাতৃৰ কৰ্তব্যৰ সম্বন্ধে কিছু টান ভাৱে
বাধ্যতা-মূলক
প্ৰাইমাৰী শিক্ষাকব লাগাত পৰিছে। কিন্তু তাতোকৈ
গন্তীৰ সুৰত কবলগীয়া শিক্ষা সম্পৰ্কে আন এটা কথা আছে;
সেয়ে হৈছে বাধ্যতা-মূলক শিক্ষা।
বিংশ শতাব্দীৰ এই ভাগত বাধ্যতা-মূলক শিক্ষা যে জাতীয় উন্নতিৰ এটা প্ৰধান উপায় আৰু জ্ঞান-প্ৰচাৰৰ যে সৰ্ব্বোৎকৃষ্ট প্ৰণালী, তাক কাকো কৈ দিয়াৰ আৱশ্যক নাই। সমগ্ৰ সভ্য দেশতে বাধ্যতা-মূলক শিক্ষাৰ প্ৰচলন হৈছে। আৰু গত অৰ্ধ শতাব্দীৰ ভিতৰত প্ৰজা-পালন আৰু দেশ- শাসনৰ যি সকল চিন্তাশীল ব্যক্তি ওলাইছে, সকলোএ এক বাক্যে স্বীকাৰ কৰিছে যে বাধ্যতামূলক কৰাৰ বাহিৰে শিক্ষা প্ৰচাৰৰ দ্বিতীয় পন্থা নাই।
১৮৭০ খৃষ্টাব্দত ইংলণ্ডৰ শিক্ষা-আইন পাৰ্লিয়ামেণ্টত উপস্থিত কবি গ্লেডষ্টোনে কৈছিল, বোলে—‘আমাৰ উন্নত