পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
শিক্ষা-সাধন

খিনিত লান্ত-শিষ্ট হৈ থাকি পঢ়া, মিলা কৰিছে নে নাই— এই কেইটা কথাৰ খবৰ ললে যথেষ্ট কৰা হল বুলি বিশ্বাস কৰোঁ।

 কিন্তু প্ৰকৃততে ই কথা নহয়। আমাৰ দেশত সন্তান মাক-বাপেকৰ আশ্ৰমত থাকি হে ডাঙৰ-দীঘল হয়। সিহঁতে স্কুলত দিনটোৰ চাৰিভাগৰ এভাগ সময় হে কটায়; বন্ধ, হাফ, অনুপস্থিতি, বিদায়— এইবোৰ বাদ দিলে বছৰৰ ৩৬৫ দিনৰ ভিতৰত ৪০ দিন কৈ সৰহ সময় লৰাই স্কুলত থাকিব নালাগে। এই সময়খিনিও সিহঁতে নানাবিধ নিয়ম অৰু শাসনৰ অধীন হৈ কটাব লাগে। এনে স্থলত, আমাৰ শিক্ষকে আমাৰ লৰা-ছোৱালীৰ চৰিত্ৰ সম্পূৰ্ণ ৰূপে গঠন কৰি দিব বুলি আশা কৰা অনুচিত। ইয়াৰ উপৰি সৰু কাল ডোখৰ ছলিএ সম্পূৰ্ণৰূপে ঘৰত হে কটায়। শিশু চৰিত্ৰত অভিজ্ঞ জ্ঞানী লোকসকলে কয়, যে এই কাল ডোখৰত শিশুএ চৰিত্ৰ সম্পৰ্কত যি বাট লয় তাৰ গতি ফিৰাই দিয়া টান কাম। শিক্ষকে অৱশ্যে বাট পোনাই দিব পাৰে; কিন্তু সেই বাটেৰে গতি কৰিবলৈ জোৰ দিব লাগিব অভিভাৱকে। নহলে নৈতিক চৰিত্ৰ, মনৰ বল, কৰ্মৰ স্পৃহা, আলশ্যক ঘৃণা, অন্যায়ৰ ত্যাগ, সত্যৰ অৱলম্বন, বিপদত ধৈৰ্য্য, বিপৰীত অৱস্থাত সাহ— মানৱ-চৰিত্ৰৰ এইবিলাক অতি মহনীয় আৰু দেৱ- লোভনীয় গুণবোৰৰ বিকাশ হব নোৱাৰে।

 এই অৰ্থে পিতৃ-মাতৃ চাকৰ-নাকৰ বন্ধু-বান্ধৱ, সকলোৰে