পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
শিক্ষা-বিচাৰ

জীৱিকা-আৰ্জনৰ কাৰণে কোনো এটা ব্যৱসায় শিকা প্ৰত্যেকৰে আৱশ্যক। এই ব্যৱসায় নিজৰ অৱস্থানুযায়ী— বিশেষকৈ আৰ্থিক অৱস্থানুযায়ী— কম বা বেছি বয়সৰপৰা আৰম্ভ কৰিব লগীয়া হয়; আৰু অৱস্থাৰ ভিন্নতাৰ গুণত মানুহে ভিন্ ভিন্ ব্যৱসায় অৱলম্বন কৰিব লগীয়াত পৰে। পলুৰ চোকোৰাটোৰদৰে, যেতিয়া লৈকে নিজ ব্যৱসায়ৰ মেৰে আমাৰ মন-পলুক-ৰেচমৰ হলেও— এনে বাহৰ মাজত আৱদ্ধ কৰি ৰাখিব নোৱাৰে, তেতিয়ালৈকে মনৰ উদাৰতা লোপ নাপায়। কিন্তু যেতিয়া শিক্ষক হৈ কব খোজোঁ যে উকিলসকল গাঁৱৰ মানুহক লুটি পুটি খাবলৈ হে বিৰাজ কৰিছে, বা উকিল হৈ কওঁ শিক্ষকসকলৰ বুদ্ধি দীঘল কণীয়া আতৈৰ লগত সমান, তেতিয়া বুজিব লাগিব অনক সংকীৰ্ণতা ভূতে পালে। এই ভূতে তাক চেপা খুৱাই ইমান সৰু কৰিব পাৰে যে কালত নিজৰ ব্যৱসায়-বেজিটি থোৱাৰ বাহিৰে আন একোৰে তাত ঠাই নাথাকিব গৈ। মনৰ প্ৰকৃত ধৰ্ম সি নহয়। মন এক অতুলনীয় সম্পত্তি। তাৰ স্বভাৱ আকাশৰ দৰে উদাৰ, পৃথিবীৰ দৰে ধীৰ, সাগৰৰ দৰে গম্ভীৰ, চন্দ্ৰ-সূৰ্য্যৰ দৰে উজ্জ্বল আৰু বায়ু বৰুণৰ দৰে পবিত্ৰ। মনৰ এই স্বভাৱ ৰক্ষা কৰা সকলো লোকৰ অতি মাত্ৰ কৰ্তব্য। আৰু ইয়াৰ উপায় উদাৰ শিক্ষা— যি শিক্ষাৰ ফলত সকলোতে সত্য সুন্দৰ আৰু শিবৰ অধিষ্ঠান দেখা যায়।