পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
শিক্ষা-সাধন

 ৪। উদাৰ শিক্ষা ব্যক্তিৰ কাৰণে উপযুক্ত, ই যেই-সেই মানুহকে যথেষ্ট মনৰ স্বাধীনতা দিব পাৰে, ব্যক্তি, সমাজ আৰু ষ্টেট বুলি মানিলোঁ। কিন্তু সেই পৰিমাণে ই সমাজৰ আৰু ষ্টেটৰ হিতকৰ হব নে? সাধাৰণ শিক্ষা পাই মানুহৰ মন মুকলি হলে, সকলো কথা ভু-ভতং পালে, মানুহ সমাজৰ বিধি আৰু ষ্টেটৰ শাসনৰ বিৰোধী হৈ উঠাৰ দৃষ্টান্তৰ তো অভাৱ নাই। তেন্তে ব্যক্তিৰ পক্ষে উদাৰ শিক্ষা যিমান উপযোগী নহক, সমাজ আৰু ষ্টেটৰ ই পৰোক্ষে অহিতকাৰী নহয় নে?

 ব্যক্তি আৰু সমাজ, ব্যক্তি আৰু ষ্টেটৰ লগত বিবাদ, পুৰণি কলীয়া বিবাদ। সাধু-কথাৰ দিনত পেটৰ লগত হাত মুখ আদি অঙ্গ-প্ৰত্যঙ্গই কাজিয়া কৰি কোনে কি গতি পাইছিল আমি জানোহঁক। প্ৰকৃততে, সেই সাধুকথাৰ বিবাদৰ দৰে, এই বিৰোধিতাৰো কোনো হেতু নাই।

 বাহুল্যকৈ কোৱাৰ সকাম নাই; কিয়নো সকলোৰে জানা আৰু সহজতে বুজা কথা যে ব্যক্তিৰ বাতিৰেকে সমাজ বা ষ্টেটৰ কোনো সত্ত্বা নাই। ব্যক্তিৰ নিয়মাবদ্ধ সমষ্টি সমাজ; আৰু ব্যক্তিৰ হিতৰ কাৰণে সমাজে ষ্টেটৰ সৃষ্টি কৰে। এতেকে যি ব্যক্তিৰ হিতকৰ সি সেই পৰিমাণে ষ্টেট বা সমাজৰো উপকাৰত আহে।

 এনে হোৱা কিন্তু অসম্ভৱ নহয়— যি দৰে কোনো মাংস