পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৯
শিক্ষা-সাধন

আৱদ্ধ ৰাখি তাকেহে মাত্ৰ ধিয়াই থাকিলে, তাৰ উপৰিও যে সংসাৰত কিবা এটা থাকিব পাৰে, মানুহে এই কথা পাহৰি যায়। তেতিয়া সংকীৰ্ণতাই মন অধিকাৰ কৰে, নিজৰ কথাত বাজে আনত ভাল নেদেখা হয়, উচ্চতৰ চেষ্টা বা বিকাশৰ কাৰণে মন দুৰ্বল হৈ পৰে।

 এই ক্ৰমত— নতুন মত মাত্ৰকে উদ্‌ভণ্ডালি বুলি উপেক্ষা কৰা যেনে সংকীৰ্ণ শিক্ষাৰ ফল, সেই দৰে পুৰণা আচাৰ মাত্ৰকে অন্ধ সংস্কাৰ বুলি আগৰ কালৰ লোকসকলৰ অজ্ঞতা প্ৰমাণ কৰিবলৈ বিচাৰাও তেনে সংকীৰ্ণ শিক্ষাৰ ফল। মানুহৰ মন এটা আচৰিত বস্তু— ই এফালে যেনেকৈ পুৰণিক সাবটি ধৰি নিঃপয় মাৰি শুই থাকিব খোজে, আন ফালে তেনেকৈ কোনো আচাৰ-অনুষ্ঠানৰ বাধা নগণি আকাশৰ উৰ্ধতম অংশত নো কি আছে তাকে বিচাৰি উলিয়াবলৈ সাহ কৰে। শিক্ষাৰ ফলত মন এফালে অনন্ত উন্নতি-কামী হৈয়ো আন ফালে সংযত হব লাগে; এফালে চলিতকে সত্য বুলি গ্ৰহণ নকৰিও আন ফালে প্ৰতিপদৰে সত্যাসত্য নিৰূপণ কৰিব পাৰিব লাগে। সকলোৰে সত্য নিৰ্ধাৰণ, সকলোৰে ভালৰ অংশ গ্ৰহণ, আৰু সত্য আদৰ্শৰ অনুৰূপ কাৰ্যকৰণ, ইয়াৰ কাৰণে যথেষ্ট শক্তি-লাভেহে শিক্ষাৰ ফল হব লাগে।

 ওপৰৰ কথাৰপৰা এইটো বুজিব নালাগে যে ব্যৱসায় শিক্ষা কৰিলে মনত সংকীৰ্ণতা আহে। তেনে কথা হবই নোৱাৰে।