পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
শিক্ষাবিচাৰ।

ৰাম বৰুৱা আৰু বলিনাৰায়ণ বৰা—এওঁলোক দুজনে পায়। সেই সময়ৰ ডাইৰেক্টৰ উড্‌ৰো চাহাবে এই কথাৰপৰা তেওঁৰ বাৰ্ষিক ৰিপোৰ্টত লিখিছিল বোলে আসাম-উপত্যকাৰ দৰে আন্ধাৰ চুকৰপৰা এনে দুজন ছাত্ৰ ওলোৱাত এই কথা প্ৰমাণ হয় যে প্ৰতিভা শক্তি কত লুকাই থাকে তাক জানিবৰ একো উপায় নাই।

 বৰ্তমান সমাজে যি দৰে মাটি খান্দি হীৰা—আৰু হীৰাতকৈও মূল্যৱান 'কলা হীৰা; (লোহা আৰু কয়লা) উলিয়ায়, সেই দৰে পৃথিৱীৰ চুক-কাণৰপৰাও প্ৰতিভা বিচাৰি উলিয়াব খোজে। প্ৰতিভাশালী লোক শক্তিৰ উৎস; তেওঁলোকৰ নিৰ্মল ভাৱ-প্ৰস্ৰৱণ সমাজৰ আবিলতাৰ সংশোধক। ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ অভ্যুত্থান হলে তেওঁলোকেহে পুনৰ সংসাৰত ধৰ্ম স্থাপন কৰি জীৱন শান্তিময় কৰি তোলে। ধুমুহা বতাহৰ দৰে, তেওঁলোকেহে ‘দানবোত্থা বাধা’ৰ ডাঠ ডাৱৰ গুচাই সংসাৰিক আৰু সামাজিক জীৱন উদাৰ আকাশৰ দৰে নিৰ্মল কৰি দিয়ে। আজিৰ সমাজে এই কথা বুজি, বেয়া ঠাইৰপৰা সোণ, দুকুলৰপৰা স্ত্ৰীৰত্ন তুলি লোৱাৰ দৰে, নীচ বা অসত্য সমাজৰপৰাও প্ৰতিভা তুলি লবলৈ যত্ন কৰে।

 এই কাৰণে তেনে শিক্ষা বৰ্তমান সমাজৰ অনুপযোগী, যি সকলোৰে প্ৰতিভা বিকাশত সহায় কৰিৰ নোৱাৰে। এই দেখি এটা ব্যবসায় বা এটা বিষয়ৰ গণ্ডীৰ ভিতৰত মনক