পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
শিক্ষা-সাধন

অমুকৰ লৰা, অমুক ব্যৱসায় হে তোমাৰ—এই প্ৰকাৰে নিয়ম বান্ধি দিলে জাতীয় জীৱনত জড়তা উপস্থিত হয়। আজি- কালিৰ দিনৰ কল-কাৰখানাৰ কুলি মজুৰ মিস্তিৰিৰো এনে অৱস্থা। তেওঁবিলাকেও নিজৰ কামখিনিৰ হে ভূ পায়; সেইবোৰ কাম যি বৃহত্তৰ কামৰ অংশ তাৰ বাৰ্তা নাজানে। সেই দেখি পৰিচালকৰ অভাৱ হলে তেওঁলোক কৰ্মক্ষম নাথাকে—তেওঁবিলাক জীৱিত যন্ত্ৰৰ নিচিনা!

 উদাৰ শিক্ষাৰ গতি ইয়াৰ বিপৰীত। এই শিক্ষাৰ গুণত লোক মন উদাৰ হয়, নিজ ব্যৱসায়ৰ কথা আতি-গুৰি মাৰি জানিব পাৰে, টাকা আৰ্জাৰ উপৰিও যে জীৱন-সম্ভোগৰ নানাবিধ সজ পন্থা বৰ্তমান এই কথাৰ সম্ভেদ পায়, আনক দুখত পুতৌ আৰু আনন্দত সহানুভূতি কৰিবৰ সামৰ্থ্য লাভ কৰে। নিজে সকলো অৱস্থাত ভাবি চিন্তি উচিত ব্যৱস্থা কৰিবলৈ শিকে; আৰু সকলো প্ৰকাৰে মানুহৰ বুদ্ধি-বৃত্তিৰ উচিত ব্যৱহাৰ কৰি জীৱনক আনন্দময় কৰি তুলিব পাৰে।


 ৩। ইংৰাজী ১৮৬৮ চনত ভাৰতৰ বিশ্ববিদ্যালয়-বিলাকত ভাল লৰাক বিদেশত পঢ়াৰ সুবিধা শিক্ষা আৰু বৰ্তমান সমাজৰ গতিদিবলৈ গিলক্ৰাইষ্ট বৃত্তিৰ ব্যৱস্থা হয়। ১৮৭২ চনলৈ এই চাৰি বছৰত মুঠ আঠোটা বৃত্তি দিয়া হয়। তাৰে দুটা, অসমীয়া ছাত্ৰ—আনন্দ-