পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
শিক্ষা-সাধন

প্ৰভৃতি সকলোএ জীৱিকা আৰ্জে; আৰু প্ৰত্যেকৰ কাৰ্যৰে একোটা সুকীয়া পন্থা আছে।

 ইয়াৰ ভিতৰত কোনটো আমি শিক্ষা দিয়া উচিত? মোৰ লৰা-ছলিক হাল ববলৈ শিকাম; নে কাঠ কাটিবলৈ শিকাম; নে কাছাৰিৰ ভিতৰত কাঠৰ ছালীৰৰ ওপৰত চকি পাৰি বহি আৰু মাজে মাজে উকীল-সকলক ভালে-মন্দই দুই আখৰ কই লোকক চাজা দিবলৈ শিকাম; অথবা সেই ছালপীৰাৰ সমুখ ৰেইলিঙত ও ধৰি থিয় হৈ থাকি দুৰ্ভগীয়া সাক্ষী-সকলক থৰক- বৰক লগাবলৈ শিক্ষা দিম; নাইবা হাতত এছাৰি, বগলত কিতাপ, মুখত গালি আৰু চকুত খং লৈ আমাৰ 'ভবিষ্য- বংশোদ্ধাৰায়' শিক্ষক নামধাৰী অশিক্ষক হবলৈ শিক্ষা দিম।

 ই এটা ডাঙৰ সমস্যা। প্ৰাচীন হিন্দু সমাজত ইয়াৰ এটা মীমাংসা কৰা হৈছিল—যাক আজি কালিৰ সনাতন-ধৰ্ম-প্ৰচাৰ- কামী-সকলে ‘বৰ্ণাশ্ৰম' নাম দি গৌৰৱান্বিত কৰিছে, সেই প্ৰথাৰ দ্বাৰা। জাতিভেদ আৰু তাৰ দোষ-গুণ আলোচনা কৰিবৰ ই ঠাই নহয়; আৰু সেই তৰ্ক-ক্ষেত্ৰত নামাৰো আমাৰ ইচ্ছা নহয়। সেই সময়তো কেনেকৈ জীৱিকা-অৰ্জন সমস্যাটোই, কোকৰ মাজৰ জীৱা কাৱৈ মাছৰ দৰে, মনীষী- সকলৰ মূৰত খলমলাই দিছিল, তাকেহে কব খুজিছোঁ।

 এই প্ৰথাটোৰ কিছু কিছু দোষৰ ভিতৰত গুণো ইয়াকে দেখা যায় যে সমাজৰ বান্ধনত চিজিল লগাই দিয়াৰ ফলত এই