পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৬
শি‌ক্ষা-বিচাৰ

প্ৰথাৰপৰা মানুহৰ ব্যক্তিগত, সামাজিক আৰু জাতীয় জীৱনত এটা শৃঙ্খলা লাগিছিল—যি শৃঙ্খলাৰ ফলত তেল-দিয়া গাৰীৰ চাকাৰ দৰে সমাজ-চক্ৰ কিছু দিনলৈ কতো ঘহঁনি নাখাই চলি আছিল; আৰু গাৰীৰ ধুৰাৰ দৰে জীৱনটোই কতো বিশেষ আজাৰ নাপাইছিল। কিন্তু আন সকলে যন্ত্ৰৰ দৰে, ইয়াৰো কোনো কোনো অংশত যেতিয়া মামৰে ধৰিলে, আৰু সেই মামৰ চাফ কৰিবলৈ গৈ যেতিয়া নতুন স্মৃতিকাৰ-ৰূপ-মিস্তিৰি- বিলাকে তাৰ ভিতৰত প্ৰবেশ কৰি মামৰ নুগুচাই তাত আৰু কিছু বালি-বোকা সানি থৈ আহিল, আৰু স্মৃতিকাৰসকলৰ কাৰ্য পৰিদৰ্শন কৰিবলৈ যেতিয়া ক্ষমতাপন্ন হিন্দু-ৰাজা বা তৎ-স্থানীয় লোকৰ অভাৱ হল, তেতিয়া যন্ত্ৰ বিকল হল, চাকা নুঘুৰা হল, আৰু ধুৰাডালো অকামিলা হৈ আন্ধাৰ চুকত পৰি থাকিল।

 এই দৰে আমাৰ জাতীয় জীৱন-সোঁতত আৱৰ্জনা কিছুমান পৰি সোঁত বন্ধ হল। ফলত ব্যক্তিগত জীৱন কিছুমান আচাৰ-পালনৰ মেৰপাকত ঘূৰি থাকি অৱশেষত মানসিক আৰু আধ্যাত্মিক ক্লান্তিত শুই পৰিল।

 অকল বৰ্ণাশ্ৰম-ব্যৱস্থাতে নহয়। সকলো প্ৰকাৰ অতি- শৃংখলাবদ্ধ অনুষ্ঠানৰ দশা এনে হয়। এনে প্ৰকাৰ বিধি- ব্যৱস্থাই ব্যক্তিৰ উদ্ভাৱনী শক্তি নষ্ট কৰে আৰু শংকট সময়ত মানুহক আনৰ মুখাপেক্ষী হবলৈ শিকায়।

 শিক্ষাৰ এই ধাৰাক সংকীৰ্ণ শিক্ষা বুলিব পাৰি। তুমি