১৬। সজ অভ্যাস গঠনৰ কাৰণ শাসনৰ মূল্য ভাল
নাজানি নকৰা লোক সংসাৰত বিৰল;
চৰিত্ৰ-গঠন—
শাসন
সৰহ তেনে যি ভাল বুজে, কৰিব
নোৱাৰে। সেই দেখি শাসনৰ আৱশ্যক।
দণ্ডৰ ভয়ত মানুহে বেয়াৰপৰা নিবৃত্ত হৈ থাকিব পাৰে, কিন্তু ভালত প্ৰবৃত্ত নহয়। সেই দেখি শিক্ষা দানত যি শাসনৰ আৱশ্যক তাৰ দণ্ডই প্ৰধান অস্ত্ৰ হব নোৱাৰে। শাসনৰ প্ৰধান কাম দুটা— দুষ্টৰ দমন আৰু অপৰাধীৰ সংশোধন। দুষ্টক কেৱল দমন কৰিলেই তাৰ চৰিত্ৰ গঠন নহয়; আন হব-খোজা-দুষ্টৰ প্ৰতি দণ্ডৰ উদাহৰণ হলেও নিজৰ একো লাভ নহয়। কিন্তু শিক্ষাৰপৰা শিক্ষাৰ অধীনত থাকা প্ৰত্যেক ব্যক্তিৰ চৰিত্ৰ-গঠন হব লাগে। এই কাৰণে শিক্ষা-বিধানৰ দণ্ড-নীতিত অপৰাধীৰ সংশোধন হে শাসনৰ মুখ্য উদ্দেশ্য।
সংশোধনৰ কাৰণে বেয়া অভ্যাস এৰিলেই যথেষ্ট নহয়; ভাল অভ্যাস আয়ত্ত কৰিব লাগে। গতিকে ভালত প্ৰবৃত্ত হবৰ কাৰণে যি যি উপায় কৰা আৱশ্যক সেইবোৰ উপায় স্কুল শাসনৰ প্ৰধান অঙ্গ।
এইবোৰ উপায়ৰ ভিতৰত শিক্ষকৰ প্ৰতি ছাত্ৰৰ ভক্তি শ্ৰদ্ধা আকৰ্ষণ কৰিব পাৰাটোই প্ৰধান। ছাত্ৰৰ মনত আত্ম-সন্মান, বেয়াৰ প্ৰতি ঘৃণা, মানবৰ প্ৰকৃত মহত্ত্ব প্ৰভৃতি