পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৭
শিক্ষা-দানৰ প্ৰণালী

ভাৱৰ বোব জন্মাই দিব পাৰিলে শাসন কাৰ্য উজু হয়। এইবিলাক অৱশ্য বাল্যাৱস্থা পাৰ হৈ যোৱা ছাত্ৰৰ পক্ষে হে উপযোগী।

 সৰু লৰাৰ পক্ষত পুৰস্কাৰ শাসনৰ প্ৰধান সহায়। পুৰস্কাৰ অৰ্থ কোনো টকা বা মূল্যৱান বস্তুয়েই নহয়— যদিও কেতিয়াবা কেতিয়াবা মূল্যৱান পুৰস্কাৰ দিয়া উচিতো হব পাৰে। শিক্ষকৰ প্ৰশংসাই উৎকৃষ্ট পুৰস্কাৰ। যি ছাত্ৰই শিক্ষকে ভাল পাব বুলি ভাল কাম কৰে, তাৰ চৰিত্ৰ গঠনৰ আৰম্ভণ ডাঠ বুলিব লাগে; আৰু যি ভাল দেখিয়েই ভালত প্ৰবৃত্ত হয় তাৰ চৰিত্ৰ-গঠন সম্পূৰ্ণ হল বুলিব পাৰি।

  প্ৰত্যেক শিক্ষাৰ্থীৰে, আৰু এই সংসাৰৰ প্ৰত্যেক লোকে, চৰিত্ৰ-গঠনত নিয়ে নিজৰ শিক্ষক হোৱা কৰ্তব্য। বেয়া কৰিবলৈ মন থাকিলে তাৰ সুযোগ ইমান বেছি যে ভূ-ভাৰতৰ কোনো শিক্ষকে বা কোনো অভিভাৱকে ছাত্ৰক বেয়াৰপৰা সদাই নিবৃত্ত কৰি ৰাখিব নোৱাৰে। নিজে ভাল হবলৈ অন্তৰেৰে সৈতে চেষ্টা কৰিলে ভাল হোৱা অত্যন্ত সহজ।

  ইয়াৰ মূল মন্ত্ৰ, আগতে কোৱা হৈছে, অসজ অভ্যাস ত্যাগ আৰু সজ অভ্যাস অৰ্জন। অসজক এৰোঁ বলি এৰা বৰ টান; তাৰ কথা সমূলি নাভাবি সজক অৰ্চিব লাগে।

 বেয়া অভ্যাসৰ প্ৰলোভন এটা আছে। সেই প্ৰলোভনৰ দেশ কাল পাত্ৰ সৰ্বতোভাৱে পৰিহাৰ কৰিব লাগে। যেতিয়ালৈ