পৃষ্ঠা:শিক্ষা-বিচাৰ.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
শিক্ষা-দানৰ প্ৰণালী

কৰি আমি সেই বোৰ সম্পূৰ্ণৰূপে আয়ত্ত্বাধীন কৰিব লাগে। অভ্যাসৰ গুণত টান কাম উজু হয়, দুঃসাধ্য সাধ্য হয়।

  সংসাৰত উন্নতি কৰিলৈ হলে আমি দৃঢ়সংকল্প, কষ্টসহিষ্ণু বিবেচক, কাৰ্য্যক্ষম, নিৰলস, প্ৰফুল্লচিত্ত আৰু উদ্যোগী হব লাগে। অভ্যাসৰ বলত মানুহ এইবোৰ গুণৰ অধিকাৰী হব পাৰে। সেই দৰে বিপৰীত অভ্যাস-দোষত মানুহ বিলাসী, সুখ-পৰায়ণ জড়তাভাৱাপন্ন আৰু কষ্ট-কাটি-কৰি-থোৱা হৈ উঠে।

 জ্ঞান যিমানেই বেচি নহওক, কাম নকৰাকৈ কোনো কামিলা হব নোৱাৰে। শিল্পী হব খুজিলে, শিল্প-বিষয়ক কিতাপ পঢ়িলেই কোনো শিল্পী হব নোৱাৰে। হাতে হাতে কাম কৰিলে হে পাৰিব। জ্ঞানৰ আৱশ্যক কামত পটুতা লাভৰ কৰণেহে।

 সেই দেখি কৰ্ম শিক্ষাৰ প্ৰধান অঙ্গ। স্কুলত নানাবিধ বিদ্যা অধ্যয়ন কৰি যি শিক্ষা হয়, সেইশিক্ষা কোনো না কোনো প্ৰকাৰে জীৱনৰ লাগতিয়াল কামত আমাৰ সহায় হব লাগে। সেই শিক্ষা অনুযায়ী আমি নানাবিধ কাম কৰি সজ অভ্যাস গঠন কৰি লব লাগে। অভ্যাসৰ সমষ্টিৰ নাম চৰিত্ৰ। গোটেই জীৱন আমাৰ শিক্ষাৰ সময়; আৰু জীৱনৰ প্ৰত্যেক কামে আমাৰ চৰিত্ৰ গঠনত সহায় কৰে।