পৃষ্ঠা:শতস্কন্ধ ৰাৱণবধ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

শীঘ্ৰ কৰি গৈলা অভ্যান্তৰে   একেশ্বৰে,
ভগৱতী পাৱে জানুপাৰি প্ৰাণামিলা।
শুনামাৱ কথা সৰস্বতী,   শুদ্ধাৱতি,
শতস্কন্ধ দুষ্টে লক্ষণ ৰাম মাৰিলা॥
কৈলোঁ বিবৰণ স্বৰস্বতী,   থিৰকৰি,
বিলম্ব নকৰি সাধা সিটো প্ৰয়োজন।
ঢলিয়া পৰিল জগমাৱ,   সৰ্ব্বগাৱ,
লোটকে তিতিল গাৱত নাহি চেতন॥
সুস্থ হুয়া লক্ষ্মী বোলে বাণী,   মহামানি,
হনুৰ আগত কহিলা সবে উপায়।
ভাৰ্য্যাৰ স্বামীৰ ৰাত্ৰি কালে,   মনভেদ,
ভালে উপহাসে নানান কথা কহয়॥ .
নজানিয়া মই দুৰাচাৰী;   দৰ্প কৰি,
বুলিলো প্ৰভুক ধৰিলেক শিশুকৰি।
পতিৰ সাক্ষাত গৰ্ব্বমনে,   একো জনে,
দম্ভভাৱ বাণী বোলাহা নিস্তকৰি |
শুনা হনুমন্ত পৰিহৰি।
কোন স্থানে শতস্কন্ধ নিয়া শীঘ্ৰ কৰি