পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
চতুৰ্থ স্কন্ধ।

মুনি বেশ ধৰি থাকা তপস্যা আচৰি।
দেশ কাল পাত্ৰ বুজি শান্ত ভাব ধৰি॥
অসময়ে শত্ৰু সেবা কৰিবে লাগৰ।
ছল চাই বল বুজি বধিবে হোৱয়॥
ছল চাই কাকুতি মিনতি কৰি ৰৈবা।
মন্ত্ৰ লই আসো মানে ঘৰতে থাকিবা॥
মহেশৰ মন্ত্ৰ লভি আসিব দানব।
মন্ত্ৰ বলে দেব সমে যুদ্ধ কৰাইব॥
এতেক প্ৰবোধি ভৃগু শীঘ্ৰ চলিগৈলা।
মহাদেৱ স্থানে কৈলাসত উত্তৰিলা॥
ই পিনে দানবে মিলি দূত পঠাইল।
ইন্দ্ৰৰ সমীপে প্ৰহ্লাদক পাঞ্চিদিল॥
সত্যবাদী বিষ্ণু ভক্ত প্ৰত্যয় কাৰণ।
প্ৰহ্লাদে দেবক হেন বুলিলা বচন॥
আনো দানবৰ সমে অতি সম্ৰ ভাৱে।
যেন ৰূপে দেবতাৰ প্ৰত্যয় জন্মিবে॥
অস্ত্ৰত্যাগ কৈলো আমি সন্নাহা গুছালো।
বাকলি বসন পিন্ধি তপ আচৰিলে॥
সত্য বাক্য প্ৰহ্লাদৰ বিশ্বাস মানিল।
আনন্দিত দেৱগণ চিন্তা দুৰ হৈল॥