পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৮
শ্ৰীশ্ৰীদেবী ভাগৱত।

মন্ত লাগি আমি আজি শিবস্থানেযাও।
হৰস্থানে মন্ত্ৰ লভি শীঘ্ৰ গুচি আছো॥
মন্ত্ৰ আনি দিবো দৈত্য সৰ্ব্বজয় হইবা।
কিছুকাল সৰ্ব্বজন নিৰলে থাকিবা॥


দৈত্যৰ উক্তি॥ *॥

দৈত্যগণ কহে মুনি কিকথা কহিছা।
কালৰ আগত গাৱ খেলাইবে বুলিছা॥
আমি পৰাজিত মুনি কৈতবা থাকিবো।
পৃথিবী অৰণ্যে কৈতো স্থান নাপাইবো॥
মন্ত্ৰ সমৰ্থন কাল প্ৰতীক্ষা কৰিব।
বলবন্তে কৰে বল কিঙ্কৰে দানব॥
ৰণকৰি থাকো দেৱ সেহিসে উত্তম।
ভূমণ্ডলে দানবৰ নাহি দেখো স্থান॥


শুক্ৰৰ উত্তৰ৷

শুক্ৰ দেব কহে মই মন্ত্ৰ লাগি যাও।
মন্ত্ৰ আমি আসো মানে অপেক্ষিণে কও॥