পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
শ্ৰীশ্ৰীদেবী ভাগবত

দৈত্য অস্ত্ৰ তিয়াগিল আমিও এৰিলো।
নিজ নিজ নিকটনে সকলে চলিলো॥
এত বুলি দেব সবে ৰণশ্ৰদ্ধা এৰি।
স্বস্থানে বিহৰে মহানন্দে ক্ৰীড়াকৰি॥
দৈত্য সবো তপস্বীৰ বেশ ধৰিলন্ত।
কশ্যপ আশ্ৰমে গই অপেক্ষা কৰন্ত॥
কাব্য কৈলাসত গই শিবক নমিল।
দেখি হৰে আগমন বাতৰি পুচিল॥

শুক্ৰৰ বৰ পাৰ্থনা।

পদ।

শুক্ৰ নিগদাত প্ৰভু আইলো তযু স্থান।
বৃহস্পতি জিত মন্ত্ৰ প্ৰাপ্তিৰ কাৰণ॥
দানবক পীড়াকৰে দেবতা সকল।
তাঙ্ক পৰাজয় মন্ত্ৰ দিয়া বিশ্ববল॥
শুক্ৰ বাক্য শুনি হেন সৰ্ব্বজ্ঞ মহেশ।
কিকৰিবো আবে মনে চিন্তে আসৰিস॥
দিবে দানবক জয় শুক্ৰ মন্ত্ৰ বলে।
দেব দ্ৰোহ আচৰিবে মন্ত্ৰ প্ৰাপ্তি ভৈলে॥