পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
চতুৰ্থ স্কন্ধ।

শুক্ৰক আগত দেখি পাছে দেবগণ।
দানবক পৰিহৰি গৈল নিজস্থান॥
দশম অধ্যায় পদ দৈত্যাশ্ৰয় নাম।
ভনিল গোপলে ডাকি বোলা ৰাম নাম॥


শুক্ৰগুৰুৰ প্ৰবোধদান ॥ *॥

পদ

ব্যাস নিগদতি তাত পাচে কাব্য ঋষি৷
দেবে ষেবে এৰিগৈলা মাতিলা হৰিষি॥
মুক্ষ্য জনে ডাকি শুক্ৰ বচন বুলিলা।
শুন দৈত্য ব্ৰহ্মা পূৰ্ব্বে যি কথা কহিলা॥
দেবসমে লগলাগি দেব নাৰায়ণ।
সদায়ে দানব বংশ কৰন্ত নিধণ॥
ধৰিয়া বৰাহ তনু হিৰণ্য বধিল।
নৰসিংহ ৰূপে পূনু কসিপু মাৰিল॥
সেইি মতে বৰ্ত্তমানো বিষ্ণুয়ে মাৰয়।
যৈত হৰি আছে মন্ত্ৰ বল নখটিয়॥
দেবতা জিনিবে কৰো সমৰ্থ্য তোমাক।
কিছুকাল অপেক্ষা কৰিবা দৈত্য ঝাক॥