পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
শ্ৰীশ্ৰীদেবী ভাগৱত

জন্মেজয় কহে গুৰু সংশয় মিলিল।
কিবা হেতু ভৃগু ঋষি বিষ্ণুক শাপিল॥
দেবৰো নমস্য বিষ্ণু জগত পালক৷
কিকৰিল বিষ্ণু ভৃগু তাক শাপিলেক॥

ভৃগু শাপ বিবৰণ॥

পদ।

ব্যাস দেব কহে শুনা শাপৰ কাৰণ।
যিবা হেতু ভৃগু মুনি শাপে নাৰায়ণ॥
পূৰ্ব্বে কশ্যপৰ পুত্ৰ হিৰন্যকসিপু।
সৰ্ব্বদা বিবাদ কৰে দেবতাৰ ৰিপু॥
তাৰ দ্ৰোহে চৰাচৰ ব্যাকুল হইল।
পাছে সিটো মৰি পুত্ৰ প্ৰহ্লাদ উঠিল॥
ইয়ো দেবতাক সদা কৰন্ত উৎপাত।
ইন্দ্ৰ সমে ভৈল ঘোৰৰ্ত্তৰ যুদ্ধ বাদ॥
সৰ্ব্বলোকে ভীত অতি যুদ্ধ ভয়ঙ্কৰ।
যুজন্ত দুজনে পূৰ্ণ শতেক বৎসৰ॥
ঘোৰ ৰণে দৈত্য পতি পৰাজিত ভৈল।
মহন্ত দেবতা সব জয় লাভ কৈল॥