পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩
চতুৰ্থ স্কন্ধ।

ৰজ তম গুণ ধৰ্ম্ম বিৰোধ বিচাৰ।
তপদান যজ্ঞ ধৰ্ম্ম সাত্ত্বিক আচাৰ॥
অহঙ্কাৰ বিনে ক্ৰিয়া কল্পও নোহয়।
ভাল হৌক মন্দহৌক কিছুনাহি হয়॥
অহঙ্কাৰ বিনে কিছূ জগতে নোহয়।
বিনে অহঙ্কাৰে কৈত সৃষ্টি শুভ হয়॥
অন্যৰ কিকথা মুনি জনো আত ভ্ৰম।
অহঙ্কাৰ ধৰ্ম্মে বিশ্ব হইছে নিৰ্ম্মান॥
কৰ্ম্ম বশে পুনু পূণ্ডু জন্ম মৃত্যু ঘটে।
দেবতা মানুষ ভূত সবে বন্ধ তাতে॥
ৰথ চক্ৰ ৰূপে সদা ভ্ৰমণ কৰন্ত।
বিষ্ণু অবতাৰ সংখ্যা কোনে জানিবন্ত॥
নাৰায়ণো সাক্ষাতে শ্ৰীহৰি নৰ ৰূপ।
মৎস কুৰ্ম্ম বৰাহ নৃসিংহ বিপ্ৰ ৰূপ॥
যুগে যুগে জগন্নাথ বিষ্ণু জনাৰ্দ্দন।
ধৰন্ত অসংখ্য ৰূপ বিধিৰ নিয়ম॥
সপ্তমনু বৈবস্বত দিনে ভগবান।
মন্বন্তৰে অবতাৰ ধৰিল ৰাজন॥
ভৃগু শাপে নাৰায়ণ বহু অবতাৰ।
ধৰিছন্ত ভূমণ্ডলে নৃপ বাৰম্বাৰ॥