সমললৈ যাওক

পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
চতুৰ্থ স্কন্ধ

যুদ্ধে হাৰি প্ৰহলাদ ভৈলন্ত মৃত যেন।
বিৰোচণ পুত্ৰে ৰাজ্য কৰিল অৰ্পণ॥
বলিহাতে ৰাজ্য অৰ্পি উপস্যাত গৈল।
গন্ধ মাদনত ঘোৰ তপ আৰম্ভিল॥
ৰাজ্য লভি বলিয়ো ইন্দ্ৰক হিংসা কৰে।
দেবতাৰ সঙ্গে সদা যুদ্ধবাদ কৰে॥
সিয়ো যুদ্ধে ইন্দ্ৰজয় ভৈল নৰেশ্বৰ।
বলিক ছলিয়া নিল পাতাল ভিতৰ॥
বলিৰাজ্য ভ্ৰটে ভৈল যতেক দানৰ।
শুক্ৰত শৰণ তেবে পশিলন্ত সব॥
কিহেতু সহায় দেব নকৰা আমাক।
শত্ৰু ৰাজ্য লৈলে খেদিলন্ত সুতলক॥
সহায় নকৰা যাি সিদ্ধামন্ত্ৰ দিয়া।
দেব জিনি হেনমন্ত্ৰ দিয়োক বাচিয়া॥
ঘ্যাস নিগদতি ৰাজা দৈত্যৰ কাৰুণি।
শুনি সন্তোষিত ভৈল কাব্য মহামুনি॥
মাহি ভয় দেব তেজ কৰিব হৰণ।
মন্ত্ৰৌষধি বলে উপকাৰ কৰো হেন॥
সহায় ভজিবো আমি ভয় নকৰিবা।
ধৈৰ্য্য ধৰি চিন্তা এৰি উৎসাহ বান্ধিবা॥

*৮*